অসম

১০৮ৰ সেৱাক লৈ অসন্তুষ্ট শিলাদিত্য দেৱ, ফেচবুকত কৰিলে এইবুলি পোষ্ট…

২৪ ঘণ্টাই ৰাইজৰ সেৱাত উচৰ্গিত ১০৮ এম্বুলেন্স সেৱা।

যিকোনো পৰিস্থিতিত সাধাৰণ জনতাক চিকিৎসালয়লৈ লৈ যোৱা বিশেষ ভূমিকা পালন কৰি আহিছে ১০৮ সেৱাই।

অৱশ্যে বিভিন্ন সময়ত ১০৮ সেৱাত ফোন কৰি সঁহাৰি নোপোৱাৰ অভিযোগ নোহোৱাও নহয়। সাধাৰণ জনতাই বিভিন্ন সময়ত এনে হাৰাশাস্তিৰ কেতিয়াবা সন্মুখীন হয়।

কিন্তু এইবাৰ সাধাৰণ জনতাই নহয়, স্বয়ং শাসকীয় দলৰ নেতাই নাপালে ১০৮ সেৱাৰ পৰা ভাল সঁহাৰি।

যাৰ বাবে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে শিলাদিত্য দেৱে।

দৰচলতে শনিবাৰে দুপৰীয়া গুৱাহাটী মহানগৰীত এগৰাকী দুৰ্ঘটনাগ্ৰস্ত বাইক আৰোহীক চিকিৎসালয়লৈ পঠিওৱাৰ বাবে ১০৮ সেৱাত ফোন কৰিছিল শিলাদিত্য দেৱে।

image 12

কিন্তু ফোন কৰি কোনো ধৰণৰ সঁহাৰি নাপালে বিজেপি গৰাকীয়ে। এই কথা ফেচবুকত শ্বেয়াৰ কৰিছে শিলাদিত্য দেৱে।

অৱশেষত এখন ই-ৰিক্সাৰে জি এম চি এইচলৈ আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক প্ৰেৰণ কৰা হয় বুলি তেওঁ উল্লেখ কৰিছে।

দুৰ্ঘটনাগ্ৰস্ত যুৱ বাইক আৰোহাজনে হেলমেট পৰিধাণ কৰা নাছিল যাৰ বাবে আঘাত গুৰুতৰ হোৱা বুলিও তেওঁ ফেচবুকত উল্লেখ কৰিছে। লগতে সকলোকে হেলমেট পৰিধাণ কৰিবলৈ নেতাগৰাকীয়ে আহ্বান জনাইছে।

লগতে ফেচবুক পোষ্টৰ জৰিয়তে ১০৮ সেৱাকো এই ক্ষেত্ৰত অধিক সঁহাৰি আগবঢ়াবলৈ আহ্বান জনাইছে শিলাদিত্য দেৱে।