এক প্ৰতিভাৰ অকাল বিয়োগ! চেন্নাইতে শেষকৃত সম্পন্ন কৰা হ’ব কিশোৰ দাসক…

অলেখ সপোন আছিল বুকুত। নাচি-বাগি ভালপোৱা ল’ৰাটোৰ মুখত লাগি আছিল চিনাকি সেই মিঠা হাঁহি।

নিজস্ব ষ্টাইলেৰে লাখ লাখ দৰ্শকৰ মন মোহা সেই কিশোৰ দাসৰ মৃত্যুৰ খবৰে এতিয়া ব্যথিত কৰি তুলিছে ৰাজ্যবাসীক।

কোনোদিনে উভতি নহাৰ বাটে গ’লগৈ মৰমীয়াল হাঁহিৰে সকলোৰে মন জয় কৰা কিশোৰে।

image 13
এক প্ৰতিভাৰ অকাল বিয়োগ! চেন্নাইতে শেষকৃত সম্পন্ন কৰা হ'ব কিশোৰ দাসক... 4

যেতিয়া ‘পুষ্পা’ ছবিৰ জনপ্ৰিয় ‘ঝুকেগা নেহি’ সংলাপ আৰু বিশেষ ভংগিমাৰে কিশোৰে ৰীল বনাইছিল তেতিয়া এনে লাগিছিল কিশোৰে সেই কৰ্কট ৰোগ জয় কৰিব পৰাকৈ মনত দুৰ্বাৰ সাহস গোটাইছে। আৰু কম দিনৰ ভিতৰতে হয়তো কিশোৰ সুস্থ হৈ উভতি আহিব।

কিন্তু কিশোৰ দাস চিকিৎসাৰত অৱস্থাতেই গুচি গ’ল এই ধাৰা এৰি।

image 14
এক প্ৰতিভাৰ অকাল বিয়োগ! চেন্নাইতে শেষকৃত সম্পন্ন কৰা হ'ব কিশোৰ দাসক... 5

ইপিনে মৃ্ত্যুৰ পূৰ্বে কিশোৰৰ দেহত ধৰা পৰিছিল মাৰাত্মক ক’ভিড। যাৰ বাবে এতিয়া নিজ জন্মভূমিলৈও আনিব নোৱাৰিব কিশোৰৰ নশ্বৰ দেহ।

ফলত এতিয়া চেন্নাইতে শেষকৃত সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে।

image 15
এক প্ৰতিভাৰ অকাল বিয়োগ! চেন্নাইতে শেষকৃত সম্পন্ন কৰা হ'ব কিশোৰ দাসক... 6

কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে অসমলৈ অনাত বাধাৰ সৃষ্টি হৈছে কিশোৰৰ নশ্বৰ দেহ।

অলেখ সোঁৱৰণী থৈ মৃত্যু ঠিকনা লোৱা কিশোৰ দাসৰ মৃত্যুত জাচিব পাৰি দুচকুৰে বৈ অহা অশ্ৰু অঞ্জলি। বিদায় কিশোৰ, বিদায়…