মথাউৰি কাটি শিলচৰ চহৰত জলপ্ৰলয় নমাই অনাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক, সহযােগীৰ সন্ধান অব্যাহত

নিউজ ডেস্কঃ কাছাৰ জিলাৰ বেথুকান্দি মথাউৰি কাটি শিলচৰত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ অভিযোগত কাছাৰ আৰক্ষীয়ে শেহতীয়াকৈ এজন লোকক গ্ৰেপ্তাৰ কৰে।

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে কাবুল খান নামৰ এজন স্থানীয় লোকক এই গোচৰত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

p1
মথাউৰি কাটি শিলচৰ চহৰত জলপ্ৰলয় নমাই অনাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক, সহযােগীৰ সন্ধান অব্যাহত 3

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে শিলচৰ নগৰত বিধ্বংসী বানৰ সৃষ্টি কৰা মথাউৰি কটাৰ অভিযোগত ৬ জন লোকক দোষী হিচাপে চিনাক্ত কৰা হৈছে।

প্ৰণিধানযোগ্য যে, যোৱা ২৪ মে’ত শিলচৰ নগৰৰ পৰা ৩ কিলোমিটাৰ নিলগত অৱস্থিত বেথুকান্দি মথাউৰি কাটি একাংশ স্থানীয় লোকে নিজৰ নিজৰ ঘৰত জমা হোৱা বৰষুণৰ পানী বৰাক নৈত বৈ যাবলৈ বাট মুকলি কৰি দিছিল।

p4
মথাউৰি কাটি শিলচৰ চহৰত জলপ্ৰলয় নমাই অনাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক, সহযােগীৰ সন্ধান অব্যাহত 4

কিন্তু ১৯ জুনত বৰাক নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈৰ পানীয়ে সমগ্ৰ শিলচৰ চহৰ প্লাৱিত কৰি হাজাৰ হাজাৰ জনৰ জীৱনলৈ সংকট নমাই আনে।

অভিযোগ অনুসৰি, এগৰাকী শাসকীয় ৰাজনৈতিক নেতাৰ নিৰ্দেশমৰ্মে বেথুকান্দি মথাউৰিৰ এটা বৃহৎ অংশ কাটি পেলাইছিল স্থানীয় লোকে।

ইফালে এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ হস্তক্ষেপ প্ৰদান কৰি মথাউৰি কাটি শিলচৰ চহৰত জলপ্ৰলয়ৰ সৃষ্টি কৰা দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে।

তাৰ পিছতে শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে তথ্যগত প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে কাবুল খান নামৰ অভিযুক্তজনক।

আনহাতে এই ঘটনা সন্দৰ্ভত গুৱাহাটীত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বৰাক ভ্ৰমণৰ সময়ত কয় যে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নেতৃত্ব দিব চিআইডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে। আৰু এটা বিশেষ টাস্ক ফ’ৰ্টে নিৰীক্ষণ কৰিব তদন্ত।