হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য! প্ৰতিলিটাৰ পেট্ৰ’লত ৯.৫০ টকা, ডিজেলত ৭ টকা হ্ৰাস…

সাধাৰণ জনতাৰ বাবে ভাল খবৰ।

কেন্দ্ৰীয় আৱকাৰী শুক্ল হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।

শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত টুইট কৰে।

যাৰ ফলত হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

প্ৰতিলিটাৰ পেট্ৰ’লত ৯.৫০ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ৭ টকাকৈ।

আনহাতে ৰন্ধন গেছৰ মূল্যও ২০০ টকালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ‘আমি পেট্ৰ’লৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক প্ৰতি লিটাৰত ৮ টকা আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ৬ টকা হ্ৰাস কৰিছো। ইয়াৰ ফলত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯.৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭ টকা হ্ৰাস পাব’।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আজি মাজ নিশাৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব।

Leave a Comment