অসম

হোলীৰ আনন্দৰ মাজতে অঘটন, দুৰ্ঘটনাত পতিত BSFৰ বাহন, দুজন জোৱানৰ মৃত্যু…

হোলীৰ আনন্দৰ মাজতে অঘটন।

মানকাচাৰৰ ভাৰত-বাংলা সীমান্তত দুৰ্ঘটনাত পতিত BSFৰ বাহন।

দুৰ্ঘটনাত ফলত কৰুণ মৃত্যুক সাৱটিলে দুজন জোৱানে।

জানিব পৰা মতে, জোৱানসকলে সীমান্তত পেট্ৰলিং কৰি আছিল। তেনে সময়তে বি এছ এফৰ একন জিপচি বাহন সীমান্তৰ ঝাওডাংগা এলেকাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলত পৰি যায়।

লগে লগে তিনিজন জোৱান সুৰক্ষিতভাৱে ওলাই আহে যদিও দুজন জোৱান আৱদ্ধ হৈ পৰে।

দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত গাড়ীখনত চালকসহ পাঁচজন জোৱান আছিল।

লগে লগে বি এছ এফৰ শীৰ্ষ বিষয়া, আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ দল, এছ ডি আৰ এফ বাহিনী, স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অৱশেষত বিয়লি প্ৰায় ৩ বজাত ধৰ্মেন্দৰ নামৰ বি এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে আনজন জোৱানক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *