অসমঅসমীয়া

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা…

নিউজ ডেস্ক। সমগ্ৰ ভাৰতৰ লগতে অসমৰো দুখন আসনৰ বাবে অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

ইতিমধ্যে ৰাজ্যসভাৰ এখন আসনৰ বাবে কংগ্ৰেছে ৰিপুণ বৰাৰ নাম প্ৰায় চূড়ান্ত কৰিছে।

3 3

তাৰ মাজতে শুকুৰবাৰে বিজেপি দলেও ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰে।

বিজেপিয়ে এইবাৰ দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ কথা ঘােষণা কৰিছে।

ইয়াৰ লগে লগে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীক লৈ চলি থকা সকলাে জল্পনা-কল্পনাৰ অন্ত পৰিল।

1 7

উল্লেখ্য যে, অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগণনা একেদিনাই অনুষ্ঠিত হ’ব।

প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ মাৰ্চ।

Leave a Reply

Your email address will not be published. Required fields are marked *