নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। নেৰানেপেৰা বৰষুণৰ বাবে জমা হৈছিল পানী।
বৰষুণৰ বাবে প্লাবিত হৈ পৰিছিল অঞ্চল। কিন্তু সেই পানীৰ সৈতে বিদ্যু পৰিবাহী তাঁৰ সংযোগ হোৱাত বিদ্যুৎস্পৃষ্ট হয় কেইবাজনো লোক। যাৰ ফলত শিশু সহ মৃত্যু হয় ৫ জনৰ। আৰু তাৰ বিপৰীতে আহত হয় তিনিজন।

এই ঘটনা বুধবাৰে সংঘটিত হয় দিল্লীৰ গাজিয়াবাদৰ ৰাকেশ মাৰ্গৰ টাইন সিং পেলেচৰ ওচৰত।
জানিব পৰা মতে, বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ বাবে বিদ্যুৎ পানীত সংযোগ হৈ পৰিছিল বুলি জানিব পৰা যায়।
ঘটনাটোত চাৰিজন ঘটনাস্থলীতে নিহত হয় আৰু আন পাঁচজন আহত হয়।
আহতসকলক চিকিৎসাৰ বাবে সুদৰ্শন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ইয়াৰে এজনৰ চিকিৎসালয়ত মৃত্যু হয়।
মৃতসকলৰ ভিতৰত তিনিটি শিশু, এগৰাকী মহিলা আৰু এজন পুৰুষ আছিল। ইয়াৰে দুজন লোক একেটা পৰিয়ালৰ আছিল বুলি জানিব পৰা যায়।
মৃত সকলক ক্ৰমে জানকী, শুভী, চিমৰণ (১১), শংকৰ (২৪) আৰু বদ্ৰী বুলি চিনাক্ত কৰা হয়।
ग़ाज़ियाबाद में करंट लगने से 5 लोगों की मौत हुयी जिसमें बच्चे भी शामिल है। #CCTV में देखिए कैसे पहले एक बच्चा खंभे पर आ रहे करंट से चिपक जाता है और फिर उसके बाद बचाने लोग भी करंट की चपेट में आ जाते है। pic.twitter.com/udn7RrDuoZ
— Jitender Sharma (@capt_ivane) September 1, 2021
দুৰ্ঘটনাটোৰ পিছত বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰে অঞ্চলটোৰ লোকসকলে।
তেওঁলোকে কয় যে এখন দোকানত পৰি থকা টিনৰ চালৰ ওপৰত তাঁৰৰ সংযোগ আছে। তাৰ পৰাই এই জৰাজীৰ্ণ তাঁৰবোৰৰ এডাল চিঙি পৰি গৈছিল বুলি আশংকা কৰা হৈছে। যাৰ ফলত পানীত বিদ্যুৎ সংযোগ হৈছিল।
স্থানীয় চিহানী গেট আৰক্ষী থানাৰ বিষয়া মিথিলেশ উপাধ্যায়ে কয় যে এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব। বৰ্তমানলৈকে কোনো অভিযোগ লাভ কৰা হোৱা নাই।









