ৰাজ্য চৰকাৰৰ কেবিনেত বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

ৰাজ্য চৰকাৰৰ কেবিনেত বৈঠক।

সংবাদমেলযোগে বৈঠকৰ সিদ্ধান্তৰ কথা সদৰি কৰে মন্ত্ৰী পিয়ুজ হাজৰিকাই।

কেবিনটৰ সিদ্ধান্ত অনুসৰি অসম গৌৰৱ যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিয়ে৷

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্টেম্বৰত দিয়া হ’ব এই নিযুক্তি৷

প্ৰশাসনিক সংস্কাৰত গুৰুত্ব আৰোপ কেবিনেটৰ৷ শিলচৰ মেডিকেল কলেজত ঠিকাভিত্তিক নিউৰ’ চাৰ্জন নিযুক্তিৰ সিদ্ধান্ত৷

ৰাজীৱ গান্ধী অভয়াৰণ্যখন এতিয়াৰে পৰা ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য নামাকৰণ কৰাৰ সিদ্ধান্ত।

কভিডৰ যাৱতীয় খৰচৰ ববে টকা আৱৰ্তন দিলে কেবিনেটৰ৷

এতিয়াৰে পৰা পৰিয়ালৰ কোনো এজন ক’ভিডত মৃত্যু হলে পৰিয়ালে লাভ কৰিব ১লাখ টকা৷

ক’ভিড ব্যয়ৰ অনুমোদন ৬৬০কোটি টকা৷ ২ অক্টোবৰত হিতাধিকাৰীৰ মাজত চেক প্ৰদান কৰিব অভিভাৱক মন্ত্ৰীয়ে৷

২ কোটিলৈ বিভাগে, ৫ কোটিলৈ মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত কমিটীয়ে,৫ কোটিৰ পৰা ১০০ কোটি পৰ্যন্ত বিত্তমন্ত্ৰীয়ে আৰু ১০০ কোটিৰ ওপৰৰ বিত্তীয় অনুমোদন দিয়ে কেবিনেটে৷

Leave a Comment