হৃদয়স্পৰ্শী! যেন ছবিৰ কাহিনী, বিচ্চিন্ন হোৱাৰ পিছত আশ্ৰয় গৃহত হঠাৎ এনেদৰে পুনৰ মিলন ঘটিল অসমৰ এহাল মুক বধিৰ দম্পতীৰ…

নিউজ ডেস্কঃ হিন্দী ৰোমাণ্টিক ছবিৰ কাহিনীৰ দৰেই এক হৃদয়স্পৰ্শী ঘটনা এয়া।

এহাল মুক বধিৰ দম্পতীয়ে ইজনে আনজনৰ পৰা বিচ্চিন্ন হৈ পুনৰ কাকতালীয়ভাৱে তেওঁলোকৰ পুনৰ মিলন ঘটাৰ এই কাহিনীয়ে এতিয়া মন চুইছে অলেখ লোকৰ।

কাহিনীৰ স্থান এইখন অসম।

দৰাচলতে কিছুদিন পূৰ্বে কোনো কাৰণত ইজনে আনজনৰ পৰা বিচ্চিন্ন হৈ পৰিছিল কাৰ্বি আংলং জিলাৰ ডিফুৰ দত্তলি, তামোলবাৰী গাঁৱৰ খাৰখেপ খাখলাৰী আৰু ববী খাখলাৰী নামৰ মুক বধিৰ দম্পতীহাল।

তাৰ পিছতে ১৫ অক্টোবৰত হোজাই জিলাৰ শংকৰদেৱ নগৰ আৰক্ষীয়ে বাটত অসহায় হৈ ঘূৰি ফুৰা অৱস্থাত উদ্ধাৰ কৰে ববী খাখলাৰী নামৰ মহিলাগৰাকীক।

photo1666259280
হৃদয়স্পৰ্শী! যেন ছবিৰ কাহিনী, বিচ্চিন্ন হোৱাৰ পিছত আশ্ৰয় গৃহত হঠাৎ এনেদৰে পুনৰ মিলন ঘটিল অসমৰ এহাল মুক বধিৰ দম্পতীৰ... 2

মুখেৰে কথা ক’ব নোৱাৰা আৰু কাণেৰে নুশুনা মহিলাগৰাকীৰ পৰিচয়ক লৈ বিপাঙত পৰে আৰক্ষী। সেই সময়ত মহিলাগৰাকীৰ পৰা উদ্ধাৰ হয় মাত্ৰ তিনিখন ফটো।

এই ফটো কেইখন আছিল ববী খাখলাৰীৰ স্বামী খাৰখেপ খাখলাৰী, ববীৰ ভগ্নী আৰু ভগ্নীৰ কন্যাৰ।

মহিলাগৰাকীৰ কোনো ঠিকনা আৰক্ষীয়ে উলিয়াব নোৱাৰাত অৱশেষত মহিলাগৰাকীক ডবকাৰ সমাজসেৱী সংস্থা নৰ্থ ইষ্ট কৰেল ৱেলফেয়াৰ ছ’চাইটীৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হয়।

ইফালে মুক বধিৰ পত্নীক বিচাৰি ইফালে সিফালে ঘূৰি ফুৰা ববী খাখলাৰীৰ স্বামী খাৰখেপ খাখলাৰীও মুক বধিৰ।

পত্নীৰ সন্ধানত ইফালে সিফালে ঘূৰি হোজাইত উপস্থিত হোৱা লোকজনক মঙলবাৰে পথৰ ওপৰত অসহায় হৈ বহি থকা অৱস্থাত কাকী আৰক্ষীয়ে উদ্ধাৰ কৰে।

কিন্তু মুখেৰে মাতিব নোৱাৰা আৰু কাণেৰে নুশুনা লোকজনৰ ঠিকনা উলিয়াব নোৱাৰি আৰক্ষীয়ে এই লোকজনকো ডবকাস্থিত আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে।

আৰু এই আশ্ৰয় গৃহটোতে পূৰ্বৰে পৰা থকা পত্নীক আকস্মিকভাৱে পুনৰ লগ পায় খাৰখেপ খাখলাৰীয়ে।

আশ্ৰয় গৃহৰ ভিতৰত পতি-পত্নী দুয়োজনে হঠাৎ দুয়োজনক দেখি আনন্দত চিঞৰি উঠে। তেওঁলোকৰ পুনৰ মিলনৰ উল্লাহে ক্ষন্তেকৰ বাবে আবেগিক কৰি তোলে আশ্ৰয় গৃহৰ পৰিৱেশ।

ইতিমধ্যে মুক বধিৰ পতি-পত্নীহালক আশ্ৰয় গৃহৰ পৰা কাৰ্বিং আংলং জিলা আৰক্ষীয়ে চমজি লৈ স্বগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।