জাতীয় পতাকাৰ শপত খাই কৈছো, মোৰ মায়ে তেনেকুৱা কাম নকৰেঃ আৰক্ষীক ঘৰত প্ৰৱেশত বাধা দুৰ্নীতিগ্ৰস্ত কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ পুত্ৰৰ…

নিউজ ডেস্কঃ ‘মই জাতীয় পতাকাৰ শপত খাই কৈছো, মোৰ মায়ে কেতিয়াও তেনেকুৱা কাম নকৰে…!’

বাসগৃহত তালাচী চলাবলৈ যোৱা আৰক্ষীৰ দলক বাধা প্ৰদান কৰি এই মন্তব্য উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ডিটিঅ’ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ পুত্ৰৰ।

উল্লেখ্য যে, ৭০০ টকা উৎকোচ লৈ বুধবাৰে গ্ৰেপ্তাৰ হৈছিল ডিব্ৰুগড় ডিটিঅ’ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ। লগতে গ্ৰেপ্তাৰ হৈছিল দালাল পংকজ শইকীয়াও।

তাৰ পিছতে নিশা ডিব্ৰুগড়ৰ উদয়পুৰস্থিত দিতিমণি গগৈৰ ফ্লেটত অভিযান চলায় আৰক্ষীয়ে।

photo1666258586
জাতীয় পতাকাৰ শপত খাই কৈছো, মোৰ মায়ে তেনেকুৱা কাম নকৰেঃ আৰক্ষীক ঘৰত প্ৰৱেশত বাধা দুৰ্নীতিগ্ৰস্ত কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ পুত্ৰৰ… 3

কিন্তু এই অভিযানকালত ফ্লেটৰ দুৱাৰমুখতে আৰক্ষীক বাধা প্ৰদান কৰে দুৰ্নীতিগ্ৰস্ত ডিটিঅ’ দিতিমণি গগৈৰ পুত্ৰই।

হাতত জাতীয় পতাকা লৈ অতি উচ্চ স্বৰত মাতৃয়ে তেনে কাম কৰিব নোৱাৰে বুলি কৈ আৰক্ষীক বাধা দিয়াৰ চেষ্টা চলায় পুত্ৰই।

image 154
জাতীয় পতাকাৰ শপত খাই কৈছো, মোৰ মায়ে তেনেকুৱা কাম নকৰেঃ আৰক্ষীক ঘৰত প্ৰৱেশত বাধা দুৰ্নীতিগ্ৰস্ত কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ পুত্ৰৰ… 4

মাজতে তেওঁৰ মাতৃয়ে তেওঁক আৰক্ষীক ফ্লেটত অভিযান চলোৱাত বাধা দিবলৈ কৈ যোৱা বুলিও মন্তব্য কৰে।

আৰক্ষীয়ে কিশোৰজনক বাৰাম্বাৰ বুজাবলৈ চেষ্টা চলায় যদিও প্ৰত্যেকবাৰে জাতীয় পতাকাৰ শপত খাই অধিক আগ্ৰাসী হৈ আৰক্ষীক বাধা প্ৰদানৰ চেষ্টা চলায় দিতিমণিৰ পুত্ৰই।

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান সম্পূৰ্ণ কৰি দুৰ্নীতিগ্ৰস্ত ডিটিঅ’ দিতিমণি গগৈৰ ফ্লেটৰ পৰা মুঠ ৯.৩০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।