হৃদয় বিদাৰক! ঘৰৰ চৌহদৰ পুখুৰীত গা ধুবলৈ গৈ দ পানীত পৰি সলিল সমাধি এহাল ভাতৃ-ভগ্নীৰ…

নিউজ ডেস্কঃ পুখুৰীত গা ধুবলৈ গৈ একেলগে সলিল সমাধি ঘটিল এহাল ভাতৃ-ভগ্নীৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ কাকডোঙাৰ ২নং চোমনি গাঁৱত।

জানিব পৰা মতে, সোমবাৰে বিয়লি চোমনি গাঁৱৰ নিৱাসী নিপু গগৈয়ে নিজৰ ঘৰৰ চৌহদত থকা পুখুৰীত পত্নী আৰু ভগ্নীৰ সৈতে গা ধুবলৈ গৈছিল।

কিছু সময় পিছত গা ধুই পত্নী গুচি আহে যদিও তেতিয়ালৈকে পুখুৰীত গা ধুৱেই আছিল নিপু গগৈ আৰু ভগ্নী জোনালীয়ে।

কিন্তু বহু দেৰিলৈকে ভাতৃ-ভগ্নীহাল ঘৰলৈ নহাত পত্নী আৰু পৰিয়ালৰ লোকে খবৰ কৰাত সমগ্ৰ গাঁওখনত হুৱা দুৱা লাগে।

স্থানীয় ৰাইজে পুখুৰীত নিপু আৰু জোনালীক বিচাৰে যদিও বিচাৰি নাপাই অৱশেষত আৰক্ষীক খবৰ দিয়ে।

পিছত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ পুখুৰীৰ দ পানীৰ পৰা ভাতৃ-ভগ্নীহালৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নিপু গগৈ আৰু জোনালী গগৈয়ে সাঁতুৰিব ভালকৈ নাজানিছিল।

পুখুৰীত দ পানীত গা ধুবলৈ নমাৰ বাবে দুয়োৰে সলিল সমাধি ঘটাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।