যিদিনা বিধায়ক ভাস্কৰ শৰ্মাৰ পৰিয়াল মোৰ গাড়ীত উঠিব, সেইদিনা গাড়ী নৈৰ পৰা তললৈ পেলাই দিম! কিয় ইমান খং ড্ৰাইভাৰ ৰূপম দত্তৰ?

নিউজ ডেস্কঃ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিলাসী বাহনৰ খুন্দাত প্ৰাণ গ’ল এজন নীৰিহ চালকৰ।

কিন্তু তাৰ পিছতো আজিও ভুক্তভোগী পৰিয়ালৰ এটা খবৰ ল’বলৈ আহৰি নোলাল বিধায়ক কিম্বা প্ৰশাসনৰ।

দুৰ্ঘটনাৰ ৫ দিন পাৰ হোৱাৰ পিছতো দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে।

এনে পৰিপ্ৰেক্ষিততে নিহত চালকজনৰ পৰিয়ালক উপযুক্ত আৰ্থিক ক্ষতিপূৰণৰ লগতে পৰিয়ালৰ এজন সদস্যক সংস্থাপন প্ৰদানৰ দাবী জনাইছে বাছ চালক সন্থাই।

বাছ চালক সন্থাৰ হৈ নাইট চুপাৰৰ চালক, ঔপন্যাসিক তথা আম আদমী পাৰ্টীৰ নেতা ৰূপম দত্তই এক সংবাদমেল সম্বোধন কৰি গৰজি উঠিল বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে।

৬ এপ্ৰিলত যিখন মাৰ্চিডিছ গাড়ীয়ে খুন্দিয়াই চালক নৃপেন শইকীয়াক হত্যা কৰিছিল, সেই বাহনখনৰ বীমাৰ ম্যাদ ২০ মাৰ্চতে উকলিছিল বুলিও বিস্ফোৰক অভিযোগ কৰে ৰূপম দত্তই।

ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ ভয়তে ভাস্কৰ শৰ্মা এতিয়া পলাতক হৈ আছে বুলি মন্তব্য কৰে তেওঁ।

মনৰ ক্ষোভ ব্যক্ত কৰি তেওঁ লগতে কয় যে বিজেপিৰ নেতা-মন্ত্ৰীয়ে সাধাৰণ মানুহক পৰুৱাৰ দৰে গণ্য কৰে।

তেওঁলোকৰ গাড়ীৰ চেপাত প্ৰাণ দিবলৈ আমাৰ জন্ম হোৱা নাই বুলি ক্ষোভ ব্যক্ত কৰি ৰূপম দত্তই কয়, যিদিনা গাড়ীৰে সৈতে আটাইবোৰক নদীৰ পেলাই দিম সেইদিনা চালকৰ ক্ষমতা কি সেয়া সকলোৱে গম পাব।

অতি ক্ষোভ ব্যক্ত কৰি ‘লাইফ অৱ এ ড্ৰাইভাৰ’ৰ স্ৰষ্টাগৰাকীয়ে লগতে কয়, ‘যিদিনা ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ লোক মোৰ গাড়ীত উঠিব, সেইদিনা গাড়ীৰে সৈতে নৈৰ পৰা তললৈ পেলাই দিম। তাৰ পিছত যিমান জীৱন বীমা কৰায় কৰি থাকিব।’’