হুইল চেয়াৰত বহি যোৱাৰ বাবে বিলাসী ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল বিশেষভাৱে সক্ষম মহিলাক!

নিউজ ডেস্ক। হুইল চেয়াৰত বহি থকাৰ বাবে ৰেষ্টুৰেণ্টৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল এগৰাকী বিশেষভাৱে সক্ষম মহিলাক।

এনে ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন বিখ্যাত ৰেষ্টুৰেণ্টত। বিশেষভাৱে সক্ষম মহিলা গৰাকীয়ে এই সমগ্ৰ ঘটনাৰ বিৱৰণ টুইটাৰ যোগে প্ৰকাশ কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

22 1
হুইল চেয়াৰত বহি যোৱাৰ বাবে বিলাসী ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল বিশেষভাৱে সক্ষম মহিলাক! 2

সৃষ্টি নামৰ বিশেষভাৱে সক্ষম মহিলা গৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁ যেতিয়া ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিব বিচাৰিছিল, তেতিয়া ৰেষ্টুৰেণ্টৰ কৰ্মীয়ে “অন্য গ্ৰাহকে তেওঁৰ হুইল চেয়াৰৰ পৰা অসুবিধা পাব” বুলি কৈ প্ৰবেশত বাধা প্ৰদান কৰে।

সৃষ্টিয়ে কয় যে তেওঁ তেওঁৰ বন্ধুৰ পৰিয়ালৰ সৈতে শুকুৰবাৰে সন্ধিয়া গুৰুগ্ৰামৰ ‘ৰাস্তা’ নামৰ বিখ্যাত ৰেষ্টুৰেণ্ট খনলৈ গৈছিল। যেতিয়া তেওঁৰ বন্ধুৰ ভাতৃয়ে তেওঁলোকৰ বাবে এখন টেবুল বুক কৰিবলৈ যায়, ৰেষ্টুৰেণ্টৰ ফ্ৰণ্ট ডেস্কে তেওঁক টেবুল প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু কৰ্মচাৰীসকলে সৃষ্টিৰ হুইলচেয়াৰৰ ফালে আঙুলিয়াই কয়, “হুইলচেয়াৰ ভিতৰত আনিবলৈ দিয়া নহয়।”

ৰেষ্টুৰেণ্ট কৰ্মচাৰীসকলে পুনৰ কয় “ভিতৰৰ গ্ৰাহকসকলে হুইল চেয়াৰৰ পৰা অসুবিধা পাব।”

সৃষ্টিয়ে কয়, “এখন নামী ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে মোৰ ফালে আঙুলিয়াই হুইল চেয়াৰত বহি থকাৰ বাবে মোক ভিতৰলৈ যাব দিবলৈ অস্বীকাৰ কৰে। বহু সময় যুক্তি-তর্কৰ পিছত আমাক বাহিৰত ঠাণ্ডাত বহিবলৈ কয় অন্যথা গুচি যাবলৈ কয়। এই ঘটনাই মোৰ হৃদয় ভাগি পেলাইছিল। সঁচাকৈয়ে মোৰ বাবে এয়া অতি দুখজনক ঘটনা।”

সৃষ্টিয়ে গোটেই ঘটনাটোৰ এটা চমু ভিডিঅ’ও শ্বেয়াৰ কৰে। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ইফালে, সৃষ্টিৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে ‘ৰাস্তা’ৰ প্ৰতিষ্ঠাপক অংশীদাৰ গৌমতেশ সিঙে টুইটাৰযোগে ক্ষমা বিচাৰে।

তেওঁ লিখিছে, “শুক্ৰবাৰে সন্ধিয়া গুৰুগ্ৰামৰ ৰাস্তাত সংঘটিত হোৱা ঘটনাৰ বাবে আমি গভীৰভাৱে দুঃখিত। আমি কেতিয়াও নিবিচাৰো যে কোনো লোকে কোনো কাৰণতে অকলশৰীয়া অনুভৱ কৰক। আমাৰ প্ৰচেষ্টাৰ অংশ হিচাপে, আমি ইতিমধ্যে তেওঁলোকৰ ওচৰলৈ ব্যক্তিগতভাৱে ক্ষমা বিচাৰিবলৈ গৈছো। আমি আমাৰ কৰ্মচাৰীসকলৰ প্ৰতি সংবেদনশীলতা আৰু সহানুভূতি বৃদ্ধি কৰাৰ বাবে আভ্যন্তৰীণভাৱে পদক্ষেপ গ্ৰহণ কৰি আছো যাতে এনে ঘটনা পুনৰ কেতিয়াও নহয়।”

আনহাতে সৃষ্টিৰ পোষ্টটোৱে নেটিজেনৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন জনে সামাজিক মাধ্যমত ৰেষ্টুৰেণ্টখনৰ এনে আচৰণৰ বিৰোধিতা কৰি ঘটনা সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে।

গুৰুগ্ৰাম আৰক্ষীয়েও সৃষ্টিৰ পোষ্টত প্ৰতিক্ৰিয়া দি পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ বাবে তেওঁৰ যোগাযোগৰ বিৱৰণ বিচাৰে। আনকি ঘটনা সন্দৰ্ভত অভিনেত্ৰী পূজা ভাটেও টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অভিনেত্ৰী গৰাকীয়ে লিখে, “মই অত্যন্ত দু:খিত যে আপোনাৰ সৈতে এনে হৈছে। আমি এখন সমাজ হিচাপে অনুগ্ৰহৰ সম্পূৰ্ণ অভাৱত ভুগিছো। হুইলচেয়াৰৰ প্ৰৱেশাধিকাৰ বাদেই, এজন মানুহক সমান আৰু মৰ্যাদাৰ যোগ্য হিচাপে চাবলৈও অস্বীকাৰ কৰাটো একেবাৰে দুৰ্ভাগ্যজনক।”

Leave a Comment