ভেলণ্টাইন ডে’ৰ দিনাই ঢাবাৰ পৰা গ্ৰেপ্তাৰ প্ৰেমিক যুগলক!

নিউজ ডেস্ক। ভেলেণ্টাইন ডে’ৰ দিনাই ৰঙাঘৰৰ আলহী হ’ল প্ৰেমিক যুগল।

অৱশ্যে প্ৰেমৰ বাবে নহয়, বে-আইনী কামত জড়িত থকাৰ বাবেহে হাতে-লােটে ধৰা পৰে এই প্ৰেমিক যুগল।

ঘটনাৰ স্থান মৰিগাঁও নগৰৰ সমীপৱৰ্তী বৰঙাবাৰীৰ এখন ঢাবা।

দৰাচলতে গােপন সূত্ৰ পম খেদি মৰিগাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জালনােটসহ গ্ৰেপ্তাৰ কৰে জয়নাল উদ্দীন নামৰ যুৱকৰ সৈতে তেওঁৰ প্ৰেমিকা মজিফা বেগম নামৰ যুৱতীগৰাকীক।

G4 8
ভেলণ্টাইন ডে’ৰ দিনাই ঢাবাৰ পৰা গ্ৰেপ্তাৰ প্ৰেমিক যুগলক! 3

ইয়াৰে জয়নাল উদ্দীনৰ ঘৰ হােজাইত আৰু মজিফা বেগমৰ ঘৰ জাগীৰােডৰ শিলভঙাত বুলি জানিব পৰা গৈছে।

বৰঙ্গাবাৰীৰ সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহোঁতেই গ্ৰেপ্তাৰ হয় দুয়ােজন।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তেওঁলােকৰ AS01JC0536 নম্বৰৰ এখন চুইফট ডিজাইৰ গাড়ী জব্দ কৰে।

দুয়োৰে পৰা ১ লাখ ৬২ হাজাৰ ৫ শ টকা মূল্যৰ নকল টকা সহ তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

99
ভেলণ্টাইন ডে’ৰ দিনাই ঢাবাৰ পৰা গ্ৰেপ্তাৰ প্ৰেমিক যুগলক! 4

জানিব পৰা মতে, দুয়ােৰে মাজত তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক।

আন এজন যুৱকৰ সৈতে গুৱাহাটী পৰা উক্ত ঢাবাত উপস্থিত হােৱাৰ পাছতে আৰক্ষীয়ে তেওঁলোকৰ গ্ৰেপ্তাৰ কৰে যদিও তেওঁলােকৰ সৈতে থকা আন এজন যুৱক পলাই যাবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে।

Leave a Comment