এক আৱেগিক দৃশ্য! হাতত প্ৰয়াত পিতৃৰ ফটো লৈ ৰভাতলীত প্ৰৱেশ কইনাৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ পিতৃ মানে বিশ্বাস, পিতৃ মানেই সাহস।

দেউতাক সকল সাধাৰণতে কন্যা সন্তানৰ বাবে হিৰ’ হৈ পৰে। সেয়ে পিতৃ অবিহনে জীৱন পাৰ কৰাটো কন্যাৰ বাবে কেতিয়াবা বৰ কঠিন হোৱাও দেখা যায়।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পিতৃ-কন্যাৰ ভালপোৱাৰ এটা ভিডিঅ’।

ভিডিঅ’টো চাই আৱেগিক হৈ পৰিছে নেট দুনীয়া। ইহ জগতত নথকা পিতৃৰ প্ৰতি জীয়াৰীৰ অফুৰন্ত ভালপোৱাই দুচকু সেমেকাই তুলিছে সকলোৰে।

ভাৰেইল ভিডিঅ’টোত এগৰাকী কইনাক হাতত এখন ফটো লৈ ৰভাতলীত প্ৰৱেশ কৰা দেখা গৈছে।

সিক্ত দুনয়নৰ কইনাগৰাকীৰ হাতত থকা ফটো খন হৈছে তেওঁৰ প্ৰয়াত পিতৃৰ।

কিছু বছৰ পূৰ্বে ছোৱালীজনীয়ে তেওঁৰ পিতৃক হেৰুৱাইছিল। কিন্তু তাৰ পিছতো প্ৰতিদিন, প্ৰতি মুহূৰ্ত পিতৃৰ উপস্থিতি তেওঁ অনুভৱ কৰিছিল।

বিশেষকৈ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত তেওঁৰ ওচৰত পিতৃৰ শূণ্যতাখিনি পূৰাবলৈ সমল হৈ পৰে হাতৰ ফটোখন।

কইনাৰূপী জীয়াৰীক সেই ফটোখনৰ ফ্ৰেমৰ ভিতৰৰ পৰাই যেন হিয়া উজাৰি আশীৰ্বাদ দিলে পিতৃয়ে।

ৰভাতলীত হাতত পিতৃৰ ফটো লৈ প্ৰৱেশ কৰা কইনাক দেখি উপস্থিত সকলোৰে চকু সেমেকি উঠে।

আনহাতে সামাজিক মাধ্যমতো ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত সেই দৃশ্য দেখি ভাবুক হৈ পৰিছে নেট ব্যৱহাৰকাৰীসকল।