হায় ৰে…! হোমৰ গুৰিত ঠেকা দিও বহুৱাই ৰাখিব নোৱাৰা অৱস্থা দৰাৰ, গোলাপী নিচাত মগন দৰাক দেখি অৱশেষত কইনাই ল’লে এই সিদ্ধান্ত…

নিউজ ডেস্কঃ বিয়া বুলি উখল-মাখল পৰিৱেশ। কইনা ঘৰতো উথপথপ।

বৰযাত্ৰীৰ বাবে খোৱা-বোৱাৰ যোগাৰ কৰাৰ পৰা হোমৰ গুৰি সজোৱালৈকে সকলোখিনি সাজু কৰি ৰাখিছিল কইনা ঘৰে।

নিশা নিৰ্দিষ্ট সময়ত দৰা আহিল। উৰুলিৰ মংগলধ্বনি, বেণ্ডপাৰ্টিৰ শব্দৰে ৰজনজনাই উঠিল গোটেই গাঁওখন।

কিন্তু…

হোমৰ গুৰিত দৰাৰ অৱস্থা দেখি চকু থৰ লাগিল কইনা পক্ষৰ। বহু বিচাৰ-বিমৰ্ষৰ পিছত এক অনাকাংক্ষিত পৰিস্থিতিত শুদা হাতেই কইনাৰ ঘৰৰ পৰা উভতিবলগীয়া হ’ল দৰা।

এনে এক ঘটনাই সংঘটিত হ’ল নলবাৰী জিলাৰ বৰখনাজানৰ এখন বিবাহথলীত।

সুৰাৰ ৰাগীত মাতাল দৰাৰ অৱস্থা দেখি অৱশেষত বিয়াত্ নবহো বুলি ক’বলৈ বাধ্য হৈ পৰে কইনা।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সুৰাসক্ত দৰাৰ এটা ভিডিঅ’।

জানিব পৰা মতে, দৰাৰ নাম প্ৰসনজিৎ হালৈ।

পৰিয়ালে চাই দিয়া ছোৱালীজনীকে জীৱন সংগী কৰি ল’বলৈ নিশা দৰাৰ সাজত কইনা ঘৰত উপস্থিত হৈছিল প্ৰসনজিৎ।

কিন্তু কইনাঘৰ পোৱাৰ পূৰ্বেই টেটুলৈকে গিলি অহা দৰাই হোমৰ গুৰিত বহি সামাজিক ৰীতি-নীতি খিনিও সম্পূৰ্ণ কৰাত অসমৰ্থ হৈ পৰিছিল।

বাৰে বাৰে বহা ঠাইতে ঢলি পৰা সুৰাপায়ী দৰাক ঠেকা দিও বহুৱাই ৰখাব পৰা নাছিল দৰা ঘৰীয়াই।

তাতে আকৌ মুখৰ পৰা বাহিৰ হোৱা মদৰ ভেকেটা ভেকেট গোন্ধে কইনাৰ পৰিয়ালৰ সকলোৰে মন টেঙাই পেলাইছিল।

বিয়াৰ দিনাই যদি এনে অৱস্থা দৰাৰ, তেন্তে ভৱিষ্যতে কি হ’ব? -এই ভাৱিয়েই দিনটো দৰাৰ বাবে সাজি কাছি থাকি অৱশেষত বিয়াত নবহোঁ বুলি ক’বলৈ বাধ্য হয় কইনা।

কইনাৰ এই সিদ্ধান্তত সন্মতি জনায় পৰিয়ালেও।

তাৰ পিছতে গাঁওবুঢ়া আৰু আৰক্ষীৰ উপস্থিতিত দুয়োপক্ষৰ স্বাক্ষৰ গ্ৰহণ কৰি বাতিল কৰা হয় এই বিয়াখন।