চাইকেল লৈ বিধানসভালৈ যোৱা শাসকীয় দলৰ বিধায়ককে চিনি নাপায় আৰক্ষীয়ে! অধ্যক্ষৰ ওচৰত অভিযোগ বিধায়ক তেৰছ গোৱালাৰ…

নিউজ ডেস্কঃ নেতা আচলতে কেনেকুৱা হয়!

নেতা আচলতে চাহাবৰ লেখীয়া। বগলীৰ পাখিযেন বগা কুৰ্তা পায়জামা পিন্ধা.. গাৰ পৰা নিঃসৰিত বিলাসী পাৰফিউমৰ গোন্ধ।

পিএছঅ’ই খুলি দিয়া বিলাসী বাহনৰ দুৱাৰ ঠেলি লাহেকৈ নামি আহিব… আগে পিছে থাকিব আন দুজন নিৰাপত্তাৰক্ষী! চাৱনিত ‘মই ৰজা’ৰ অহমিকা।

জনতাৰ ধনেৰে বিলাসী জীৱন যাপন কৰা নেতাৰ প্ৰতিচ্ছবি এখন হয়তো এনেকৈয়ে সকলোৰে মনলৈ ভাঁহি আছে।

এনে পৰিপ্ৰেক্ষিতত সোঁতৰ বিপৰীতে যোৱা কোনোবা নেতাক ৰাইজে বা নিজৰ চৰকাৰৰে আৰক্ষী-প্ৰশাসনে চিনি নোপোৱাটো অস্বাভাৱিক নহয়।

তেনে ঘটনাই ঘটিল শাসকীয় দলৰ বিধায়ক তেৰছ গোৱালাৰ সৈতেও।

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ ২০২৩-২৪ বৰ্ষৰ বাজেট অধিৱেশন।

এই বাজেট অধিৱেশনতে অংশ ল’বলৈ গৈ এক অনাহূত পৰিস্থিত সন্মুখীন হ’বলগীয়া হ’ল দুলীয়াজান সমষ্টিৰ বিজেপি বিধায়ক তেৰছ গোৱালা।

চাইকেল চলাই বিধানসভাত উপস্থিত হোৱা বিধায়কগৰাকীক চিনি নাপাই দুৱাৰ মুখতে বাধা প্ৰদান কৰে কৰ্তব্যৰত আৰক্ষীয়ে।

শাসকীয় দলৰ বিধায়ক তেৰছ গোৱালাক বিধানসভাৰ বাহিৰতে ৰখাই আই কাৰ্ড বিচাৰে আৰক্ষীয়ে।

আৰক্ষীৰ হাতত এনেদৰে প্ৰায় ৪ মিনিট সময় হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পিছত অৱশ্যে পৰৱৰ্তী সময়ত বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় বিধায়কগৰাকী।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে শাসকীয় দলৰ বিধায়কগৰাকীয়ে।