হাফ পেণ্ট নহয়, এইবাৰ সংঘটিত হৈছে লুঙি কাণ্ড।
এইবাৰ লুঙী পিন্ধি পৰীক্ষাত বহি শাস্তিৰ সন্মুখীন হ’ল তিনিগৰাকী ছাত্ৰ।
বাংলাদেশৰ ডিনাজপুৰৰ সংঘটিত হৈছে এই ঘটনা।
হাজি মহম্মদ দিনেশ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ লুঙি পৰিধান কৰি পৰীক্ষাত বহিবলৈ অহা তিনি শিক্ষার্থীক নিলম্বন কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷
শিক্ষার্থীসকলে অনলাইন পৰীক্ষাত কিয় লুঙি পৰিধান কৰি বহিবলৈ দিয়া নহ’ব বুলি প্রশ্নৰ অৱতাৰণা কৰে যদিও মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলে পৰীক্ষাৰ নিয়ম মানি নোলোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা বুলি ঘোষণা কৰিছে।
শিক্ষকৰ দাবী, কেৱল লুঙী পিন্ধাই নহয়, শিক্ষাৰ্থীকেইজনে তৰ্কতো লিপ্ত হৈছিল।
একাডেমিক কাউঞ্চিলৰ নিয়ম অনুসৰি, যোৱা ৪ আগষ্টত অনলাইন প্লেটফৰ্ম জুমত পৰীক্ষা আৰম্ভ হৈছিল।
সময়সূচী অনুসৰি, ২৭ ছেপ্তেম্বৰৰ দুপৰীয়া প্ৰায় ১২ বজাত ফুড এণ্ড প্ৰচেচ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ জেনেৰেল কেমিষ্ট্ৰী কোৰ্চৰ পৰীক্ষা আৰম্ভ হৈছিল।
পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত কেমেৰাত এংগল ঠিক কৰি থাকোতে পৰিদৰ্শকৰ দায়িত্বত থকা শিক্ষকে ছাত্ৰ কেইজনক লুঙি পিন্ধি থকা অৱস্থাত দেখা পায়। আৰু তেতিয়াই লাগিল অথন্তৰ!
লুঙি পৰিধানৰ বাবে তিনিওগৰাকী শিক্ষার্থীক পৰীক্ষাত বহিবলৈ অনুমতি নিদিয়াৰ কথা অস্বীকাৰ কৰিছে মহাবিদ্যালয় কর্তৃপক্ষই৷
পৰীক্ষাৰ নিয়ম উলংঘা কৰাৰ বাবেই তিনিওগৰাকী শিক্ষার্থীক বহিষ্কাৰ কৰা বুলিও মহাবিদ্যালয় কর্তৃপক্ষই সংবাদ মাধ্যমক জনাইছে৷









