ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।
উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ মাজত চামগুৰিৰ আমনিত এক বিশেষ বৈঠক অনুষ্ঠিত হয়।
উক্ত বৈঠকত উপস্থিত থাকে বিধায়ক নৰুল হুদা।
উপ-নিৰ্বাচন সম্পৰ্কে তিনিও মিলিত হৈছে বৈঠকত।
আবেলি প্ৰায় ২-৩০ বজাৰ পৰা অনুষ্ঠিত হৈছে এই বৈঠক।
বৈঠকৰ অন্তত অখিল গগৈয়ে কয়- আমি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনৰ আমন্ত্ৰণ ক্ৰমে ইয়ালৈ আহিছোঁ। উপ-নিৰ্বাচনত থাওৰাক বাদ দি আমি সমষ্টি এৰি দিবলৈ প্ৰস্তুত।
ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে।
ইপিনে ৰকিবুল হুছেইনে কয়, আমি এৰা-ধৰাৰ মাজেৰে আগবাঢ়িব বিচাৰোঁ। অখিল গগৈৰ লগত আলোচনা কৰিবলৈ মোক প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দায়িত্ব অৰ্পণ কৰিছে।









