হাত-ভৰি নথকা বিৰ্জুক চাকৰিৰ অফাৰ দিছিল আনন্দ মহিন্দ্ৰাই, কিন্তু পিছত ঘটিল এই ঘটনা…

ডিচেম্বৰৰ শেষৰ ফালে মহিন্দ্ৰা গ্রুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাই নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এজন বিকলাংগ ব্যক্তিৰ ভিডিঅ’।

দিল্লীৰ ৰাজপথত হাত-ভৰি নথকা বিশেষভাৱে অক্ষম ব্যক্তিজনে চলাই আছিল এখন বিশেষ ধৰণৰ বাহন।

ব্যক্তিজনৰ সেই দৃঢ়তা আৰু জীৱন সংগ্রামে প্ৰভাৱিত কৰিছিল লাখ লাখ লােকক।

খোদ আনন্দ মহিন্দ্ৰাই ভিডিঅ’টো শ্বেয়াৰ কৰি বিশেষভাৱে সক্ষম সেই বিশেষ ব্যক্তজনৰ প্ৰশংসা কৰাৰ লগতে মহিন্দ্ৰা গ্রুপত চাকৰি প্ৰদানৰ ঘোষণা কৰিছিল।

নিমিষতে লাখ লাখ ভাৰতীয়ৰ পৰিচিত এখন মুখ হৈ পৰিছিল সেই ব্যক্তিজন। কিন্তু তেতিয়ালৈ কোনেও জনা নাছিল তেওঁৰ নাম অথবা ঠিকনা।

কিন্তু পৰৱৰ্তী সময়ত সাংবাদিকে বিচাৰি উলিয়ায় দিল্লীৰ ৰাজপথত এখন বিশেষ বাহন চলাই জীৱন যুদ্ধত ব্ৰতী সেই বিশেষভাৱে সক্ষম ব্যক্তিজনক।

তেওঁৰ নাম বিৰ্জু। দিল্লীৰ নিবাসী বিৰ্জুৰ আছে এটি সৰু পৰিয়াল। পত্নী, দুই সন্তান আৰু বৃদ্ধ পিতৃৰ ভোৰণ পোষণৰ দায়িত্ব বহন কৰে দুই হাত, দুই ভৰি নথকা বিৰ্জুৱে।

দৰাচলতে বিৰ্জুৰ জীৱিকা হৈছে ভিক্ষা বৃত্তি। ঘৰৰ পৰা কিছু দূৰৈত অৱস্থিত এটা মছজিদৰ সন্মুখত ভিক্ষা খোজে বিৰ্জুৱে। প্ৰতিদিনে তেওঁ নিজৰ বিশেষ বাহনখন চলাই তেওঁ ভিক্ষা মাগিবলৈ মছজিদৰ সন্মুখত উপস্থিত হয়।

বিৰ্জুৰ পৰিচয় পোহৰলৈ অহাৰ পিছতে এতিয়া আন কেতবোৰ ৰহস্যও খোল খাইছে। এটা ভিডিঅ’ দেখি সকলোৱে ভৱাৰ দৰে কষ্টকৰ জীৱন নহয় বিৰ্জুৰ। অথবা আপুনি-মই ভৱাৰ দৰে উৰুখা চালিৰ পজাতো বাস নকৰে এইগৰাকী ব্যক্তিয়ে। বিৰ্জু নামৰ বিশেষভাৱে সক্ষম এইজন ব্যক্তিৰ চৰিত্ৰৰ মাজত লুকাই আছে আন বহু গোপন ৰহস্য।

মছজিদৰ সমুখত ভিক্ষা খোজাৰ সময়ত বিৰ্জু হেনো হৈ পৰে মহম্মদ ইছলাম। অৱশ্যে এয়া তেওঁৰ বৈবাহিক নামো। অৰ্থাৎ মুছলমান ৰীতি-নীতিৰে বিবাহ কৰোৱাৰ সময়ত বিৰ্জুয়ে মহম্মদ ইছলাম নাম গ্ৰহণ কৰিছিল। এতিয়া মছজিদৰ সন্মুখত ভিক্ষা খোজাৰ সময়ত এই নামটোৱে তেওঁৰ সহানুভূতি আদায়ৰ নাম হৈ পৰিছে।

ভিক্ষা খুজি বিৰ্জু ওৰফে মহম্মদ ইছলামে প্ৰতিদিনে উপাৰ্জন কৰে ১২০০-১৫০০ টকা। বিৰ্জু আৰু তেওঁৰ পৰিয়ালে বাস কৰা ঘৰটো একেবাৰে অভিজাত নহলেও, দুখীয়াৰ পজাও নহয়। অৱশ্যেই ঘৰটো নিজৰ। ঘৰৰ সন্মুখত লগোৱা হৈছে লোৰ প্ৰকাণ্ড গেট।

বিৰ্জু ওৰফে মহম্মদ ইছলামৰ পত্নীৰ অভিযোগ- সদায় মদ খাই ঘৰত তেওঁ কাজিয়া কৰে, অকথ্য মাত মতে। ওচৰ চুবুৰীয়াইও একেই অভিযোগ কৰে।

মহিন্দ্ৰা গ্রুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই চাকৰি দিয়াৰ ঘোষণা কৰাৰ পিছতে বিৰ্জুৰ সন্ধান বিচাৰি তেওঁৰ ঘৰত উপস্থিত হৈছিল বহু সংবাদ মাধ্যমৰ লোক।

কিন্তু অভিযোগ উঠিছে- সেই সময়তে তেওঁৰ ঘৰত উপস্থিত হোৱা মহিন্দ্ৰা গ্রুপৰ বিষয়াক গালি পাৰি ঘৰৰ পৰা খেদি পঠিয়ায় বিৰ্জুয়ে।

কিন্তু বিৰ্জুৰ অভিযোগ অনুসৰি তেওঁৰ ঘৰত মহিন্দ্ৰা গ্রুপৰ হৈ কোনো ব্যক্তি অহাই নাছিল চাকৰিৰ কথা পাতিবলৈ।

সেয়া যিয়েই নহওঁক, অভিযোগ উঠিছে, হাত-ভৰি নথকা বিৰ্জুয়ে হেনো মহিন্দ্ৰা গ্রুপৰ পৰা কমেও ৩০ হাজাৰ টকাৰ চাকৰি বিচাৰিছে!

শাৰীৰিকভাৱে বিকলাংগ হৈও ভিক্ষা বৃত্তিৰে পেট প্ৰৱৰ্তৱা বিৰ্জুৰ হেনো অহংকাৰে মূৰত ধৰিছে- সেয়াই অভিযোগ কৰিছে বিৰ্জুৰ ওচৰ চুবুৰীয়া সকলে।

Leave a Comment