অসম

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ‘লান’…

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা।

৮ জানুৱাৰী শনিবাৰে নিশা অসম আৰক্ষীৰ পুনৰ গুলীচালনাৰ ঘটনা।

ধুবুৰী আৰক্ষীৰ গুলিচালনাত গুলীবিদ্ধ এজন ড্ৰাগছ মাফিয়া তথা গো মাফিয়া ছহিদুৰ ৰহমান ওৰফে লান।

পূৰ্বে গৰুৰ চোৰাং কাৰবাৰ আৰু ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগ ছহিদুৰ ৰহমানৰ বিৰুদ্ধে।

ধুবুৰী সদৰ আৰক্ষী থানাত ছহিদুৰৰ বিৰুদ্ধে 1929/21 U/S 379/411 IPC R/W sec.13 ধাৰাত ৰুজু হৈ আছিল গোচৰ।

উক্ত গোচৰৰ ভিত্তিত নিশা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লানক।

মাজ নিশা এগৰাকী আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলিচালনা কৰে।

সেই গুলীচালনাৰ লানৰ বাঁও ভৰিত গুলি লাগে।

পিছত আৰক্ষীয়ে লানক কৰায়ত্ত কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

Leave a Reply

Your email address will not be published. Required fields are marked *