হাতত পিষ্টল লৈ মহানগৰীত সন্ত্ৰাস বিহাৰী ৰিক্সা চালকৰ, অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ হাতত পিষ্টল লৈ মহানগৰীত মানুহক ভাবুকি প্ৰদান কৰা এজন ৰিক্সাচালকক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে।

অভিযোগ অনুসৰি, অজয় কুমাৰ প্ৰসাদ নামৰ ৰিক্সাচালকজনে হাতৰ পিষ্টল দেখুৱাই পল্টনবজাৰত দেওবাৰে নিশা ভাবুকি প্ৰদান কৰিছিল মানুহক।

এই বিষয়ে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অভিযুক্ত ৰিক্সাচালক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ জাঁই সজীৱ গুলীসহ পিষ্টলটো জব্দ কৰে।

photo1663573826
হাতত পিষ্টল লৈ মহানগৰীত সন্ত্ৰাস বিহাৰী ৰিক্সা চালকৰ, অৱশেষত গ্ৰেপ্তাৰ 2

জানিব পৰা মতে, ধৃত ৰিক্সাচালক অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত। অসমত ৰিক্সাচালক হিচাপে কৰ্মৰত অজয়ে লকডাউনৰ সময়ত বিহাৰলৈ উভতি গৈছিল যদিও কিছুদিন পূৰ্বে পুনৰ অসমলৈ আহি গুৱাহাটীত ৰিক্সা চলাবলৈ আৰম্ভ কৰে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তজনৰ পৰা গ্ৰেপ্তাৰ কৰা পিষ্টলটো ফৰেনচিকলৈ প্ৰেৰণ কৰিছে। লগতে অজয় প্ৰসাদৰ বিৰুদ্ধে বিহাৰত কোনো গোচৰ ৰুজু হৈ আছে নেকি, সেই সন্দৰ্ভত বিহাৰ আৰক্ষীৰে যোগাযোগ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।