আৰক্ষীৰ বৃহৎ সফলতা, ৪০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ অলংকাৰসহ গ্ৰেপ্তাৰ ৬চোৰ…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

৪০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ অলংকাৰসহ গ্ৰেপ্তাৰ ৬চোৰ।

গোৱালপাৰাৰ আৰক্ষীয়ে ৪০ লক্ষাধিক টকাৰ সোণ, ৰূপৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে নগদ ধন, লেপটপ, ম’বাইল, গাড়ী, স্কুটী, কেমেৰাসহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ৬জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত অমিত বিশ্বাস, আব্দুল কৰিম, হাছানুৰ আলী, নুৰ আলম, জহিৰুল হক, গোপাল দাসক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

যোৱা ৩ ছেপ্টেম্বৰত চহৰৰ গোৱালতুলীৰ অশোক কুমাৰ ঘোষৰ ঘৰত চুৰিকাণ্ড হোৱাত গোৱালপাৰা সদৰ থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৭৫/৩৮০ ধাৰাত গোচৰ ৰুজু কৰি অভিযান চলাই চুৰি কাণ্ডৰ লগত জড়িত থকা ছজনকৈ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।