অসম

অহা বছৰৰ পৰা আগতীয়াকৈ সংবাদমাধ্যমক দিয়া নহ’ব ফলাফলঃ শিক্ষামন্ত্ৰী…

বহু প্ৰতিক্ষাৰ অন্ত পেলাই আজি পুৱাৰ ভাগতে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

ফলাফল অনুসৰি এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।

কিন্তু নিৰ্ধাৰিত সময়ৰ পূৰ্বেই মেট্ৰিকৰ ফলাফল ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

সময়ৰ বহু পূৰ্বেই বহু ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিলে ফলাফল।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ৰিজাল্ট ভাইৰেল সংবাদ মাধ্যমৰ পৰা হৈছে। অহা বছৰৰ পৰা আগতীয়াকৈ সংবাদমাধ্যমক ফলাফল দিয়া নহ’ব। দশম শ্ৰেণীৰ পৰীক্ষা হৈয়ে থাকিব। প্ৰথম দহটা স্থানৰো ব্যৱস্থা থাকিব।

লগতে তেওঁ কয়- হাই মাদ্ৰাছাৰ এইটো শেষ পৰীক্ষা। আজি ফলাফল ভাল কৰি ডাক্তৰ–ইঞ্জিনিয়াৰ হ’ব বিচৰা সকলৰ বাবে ভাল কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *