অসম

হত্যাকাণ্ডৰ অভিযুক্তক শাস্তি প্ৰদান কৰিলে গাঁও জ্বলাই দিয়াৰ ভাবুকি দিয়া ৩ যুৱকক গ্ৰেপ্তাৰ…

বটদ্ৰৱাত আৰক্ষীৰ সন্মুখতে থানা জ্বলাই দিয়া ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই এইবাৰ খোদ আৰক্ষীৰ সন্মুখতেই সমগ্ৰ গাওঁ জ্বলাই শেষ কৰি দিয়াৰ ভাবুকি দিয়া তিনি যুৱকক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ।

image 61

ঘটনাৰ বিৱৰণ অনুসৰি গোলাঘাট বেবেজীয়াৰ চাৰিঙীয়া গাঁৱৰ লোমহৰ্ষক হত‍্যাকাণ্ডৰ মুল অভিযুক্ত গৰাকী শনিবাৰে আৰক্ষীৰ জিম্মাতে সামান্য পৰিমানে মুৰত আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসাৰ কাৰনে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ঠিক সেই সময়তেই হত‍্যাকাৰী জনৰ পৰিয়ালৰ লোক চিকিৎসালয়ত উপস্থিত হয় আৰু এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অকল ইমানেই নহয়, অভিযুক্ত নাজিদুৰৰ কিবা হ’লে তিনি আত্মীয়ই আৰক্ষীৰ সন্মুখতে গোটেই গাওঁ জ্বলাই দিয়াৰো ভাবুকি দিয়ে।

image 62

এই ঘটনাৰ পিছতে হিন্দু যুৱ পৰিষদে গোলাঘাট আৰক্ষী থানাত দেওবাৰে এটা গোচৰ ৰজু কৰে। এই গোচৰৰ ভিত্তিতে গোলাঘাট আৰক্ষীয়ে দেওবাৰে নিশা তিনিজন যুৱক সহ এগৰাকী মহিলাক সোধপোচৰ বাবে আটক কৰে।

আটকাধীন যুৱক কেইজন হৈছে ৱাহিদুৰ ইছলাম, মফিদুল ইছলাম আৰু ছৰিদুল ইছলাম। অৱশ্যে আৰক্ষীয়ে এই সম্পৰ্কে অন্য কোনো তথ্য বৰ্তমানলৈকে অৱগত কৰোৱা নাই।

image 63

উল্লেখযোগ্য যে সমগ্র ৰাজ্য কঁপোৱা এই হত‍্যাকাণ্ডৰ পিছতে স্থানীয় ৰাইজে ক্ষোভতে হত‍্যাকাৰী জনৰ ঘৰ লণ্ডভণ্ড কৰি জ্বলাই দিছিল। ইয়াৰ পিছতে পৰিস্থিতি কিছু শান্ত হৈছিল যদিও বৰ্তমানলৈকে এই ঘটনাৰ উত্তেজনা সম্পূৰ্ণ মাৰ যোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *