অসমঅসমীয়া

বানাক্ৰান্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ এমাহৰ দৰমহা প্ৰদান বিধায়ক মানৱ ডেকাৰ

নিউজ ডেস্কঃ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ! হাজাৰ হাজাৰ বানাক্ৰান্তই এতিয়া এমুঠি ভাতৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। থাকিবলৈ ঘৰ নাই, পিন্ধিবলৈ নাই কাপোৰ!

বানাক্ৰান্তৰ এনে দুৰ্যোগৰ সময়ত চৰকাৰ আৰু বিভিন্ন সংগঠন, ব্যক্তি বিশেষৰ দ্বাৰা সাহায্য আগবঢ়োৱা হৈছে যদিও এতিয়াও এই সাহায্য লাভ কৰা নাই অনেক বানাক্ৰান্তই।

ইফালে বানাক্ৰান্তক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ সামৰ্থবান ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই।

সামাজিক মাধ্যমত এই কথা জানিবলৈ দি বিজেপি বিধায়কগৰাকীয়ে লিখিছে যে বানাপীড়িতৰ সহায়ৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ বিধায়কৰ এমাহৰ দৰমহা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *