অসম

নৈৰ ঘাটত চৰকাৰী সাৰৰ উজান! আৰক্ষীয়ে জব্দ কৰিলে অবৈধ ভাবে বিক্ৰীৰ বাবে ৰখা ৪৪৪ বস্তা সাৰ

যিসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে ৰাসায়নিক সাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে নৈৰ পাৰত উদ্ধাৰ হৈছে বস্তাই-বস্তাই অবৈধভাৱে বিক্ৰীৰ বাবে মজুত ৰখা বুজন পৰিমানৰ ৰাসায়নিক সাৰ।

নগৰবেৰাৰ জলজলী নৈৰ পাৰত বুজন পৰিমাণৰ চৰকাৰী সাৰ জব্দ আৰক্ষীৰ।

মঙ্গলবাৰে আৰক্ষীয়ে অভিযান চলাই মুঠ ৪৪৪ বস্তা ইউৰিয়া সাৰ জব্দ কৰিবলৈ সক্ষম হয়।

মান্নান চীডচ হাউচ’ নামৰ এখন প্ৰতিষ্ঠানে অবৈধভাৱে মজুত ৰাখিছিল এই চৰকাৰী সাৰৰ বস্তা সমূহ।

image 64

স্মৰ্তৱ্য যে মান্নান চীডচ হাউচ’ৰ গৰাকী আব্দুল মান্নান ইতিমধ্যেই অনুৰূপ এক সাৰ কেলেংকাৰীত সাঙোৰ খাই ৰঙা ঘৰৰ আলহী হৈ আছে আজিকোপতি।

তাৰ মাজতেই এইদৰে প্ৰতিষ্ঠান খনৰ নামত আজিও অবৈধ ভাবে বৃহত্তৰ নগৰবেৰা অঞ্চলত অব্যাহত আছে চৰকাৰী সাৰৰ মজবুত ছিণ্ডিকেট।

কৃষি বিভাগৰ কোনোবা বিষয়া-কৰ্মচাৰীও এই সাৰ মজুত কাণ্ডত জড়িত থকাৰ অনুমান একাংশৰ।

সম্প্ৰতি জব্দকৃত সাৰৰ বস্তা সমূহ কৃষি বিভাগৰ এগৰাকী গ্ৰামসেৱকক চমজাই দি নগৰবেৰা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰা বুলিও জানিব পৰা গৈছে।

প্ৰশ্ন হয়-কৃষকক নিদি ৰাজ্যত একাংশ ব্যৱসায়ীয়ে এইদৰে গঢ়ি তুলিছে নেকি চৰকাৰী সাৰৰ ছিণ্ডিকেট ? আৰক্ষীৰ তদন্তত ছিণ্ডিকেটৰ সতে জড়িত বহু ৰৌ-বৰালি জাঁলত পৰাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *