হঠাৎ পথৰ মাজত সৃষ্ট প্ৰকাণ্ড গাঁতত সোমাই পৰিল স্কুটী! কথমপি প্ৰাণৰক্ষা আৰোহীৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ এটা গুৰুত্বপূৰ্ণ ঘাইপথত হঠাৎ সৃষ্টি হোৱা এটা প্ৰকাণ্ড গাঁতত স্কুটীসহ সোমাই পৰিল এজন বৃদ্ধ আৰোহী। পথৰ মাজত আকস্মিকভাৱে সৃষ্ট গাঁতত পৰি গুৰুতৰভাৱে আহত হয় আৰোহীজন। অৱশ্যে ঘটনাৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰে স্কুটী আৰোহী লোকজনক।

এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ যোধপুৰৰ পালি ৰোডত। শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, ঝালমণ্ডৰ বায়ু বিহাৰৰ নিৱাসী ভোপাল সিং নামৰ লোকজনে শনিবাৰে দুপৰীয়া অমৃতা দেৱী চক্ৰৰ পৰা স্কুটী চলাই ভৈৰুজী চেক্সন অভিমুখে গৈ আছিল। তেওঁৰ স্কুটীৰ আগে আগে গৈ আছিল এখন টেংকাৰ।

ভগত কী কোঠী ৰে’লৱে ষ্টেছনৰ সন্মুখত টেংকাৰখনে টাৰ্ণিং লোৱাৰ পিছতে ঘাইপথটোৰ সোঁমাজতে হঠাৎ মাটি খহি এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়। স্কুটী আৰোহী ভোপাল সিঙে সেই গাঁতটোত পৰাৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰেও যদিও আকস্মিকভাৱে সৃষ্টি হোৱা গাঁতটোত তেওঁ স্কুটীসহ বাগৰি পৰে।

এই দুৰ্ঘটনাত হাত আৰু কান্ধত গুৰুতৰভাৱে আঘাত পায় স্কুটী আৰোহীজনে। অৱশ্যে লগে লগে সেই স্থানত উপস্থিত থকা অন্য লোকসকল আগবাঢ়ি আহি ব্যক্তিজনক উদ্ধাৰ কৰে।

ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গাঁতত আৱদ্ধ হৈ পৰা স্কুটীখনো উদ্ধাৰ কৰে।

জানিব পৰা মতে, বিগত এপষেকৰ ভিতৰত পালি ৰোডত সংঘটিত এয়া হৈছে দ্বিতীয়টো ঘটনা। দৰাচলতে পথটোৰ তলেৰে নলা বৈ যোৱাৰ ফলত সামান্য বৰষুণতে পথটো প্লাৱিত হৈ পৰে। যাৰ ফলত পথটো পূৰ্বেও কেইবাবাৰো খহি পৰিছে। প্ৰতিবাৰেই পথটো মেৰামতি কৰি যাতায়তৰ বাবে মুকলি কৰি দিয়া হয় যদিও স্থায়ী সমাধান নকৰাকৈ এনেদৰে সাধাৰণভাৱেই পথটো মেৰামতি কৰি অহাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।