শোকাবহ! কাম কৰি থাকোতেই কুঁৱাত পৰা বস্তু উঠাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে দুজনে…

এক শোকাৱহ ঘটনা।

কাম কৰি থাকোতেই কুঁৱাত পৰা বস্তু উঠাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে দুজনে।

ডিমা হাচাও জিলাৰ সদৰ চহৰ হাফলঙত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

মৃত লোক দুজন শংকৰ দাসে (৩৮) প্রবীৰ দাস (২৩) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি, হাফলং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা হৰি ওম মন্দিৰটোৰ তত্ত্বাৱধায়ক শংকৰ দাসে প্রবীৰ দাস নামৰ সহযোগীজনৰ সৈতে মন্দিৰৰ কোনো কামত ব্যস্ত আছিল।

এনেতে কাষতে থকা পকী কুঁৱাত এটা যন্ত্রাংশ সৰি পৰাত সেইটো তুলি অনাৰ বাবে প্রবীৰ দাসে কুঁৱাৰ ভিতৰলৈ নামি যায়।

ইফালে কুঁৱাৰ ভিতৰত প্ৰবীৰ দাস আবদ্ধ হৈ পৰাৰ বাবে শংকৰ দাসে এডাল ৰছীৰ সহায়ত কুঁৱাটোত প্ৰৱেশ কৰে যদিও তেওঁ কুঁৱাৰ ভিতৰতে সংজ্ঞাহীন হৈ পৰে।

উক্ত ঘটনা প্রত্যক্ষ কৰি আন লোকসকলে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে।

লগে লগে আৰক্ষী আৰু এছ ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুয়োজন যুৱককে উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

ঘটনাটোৱে পাহাৰীয়া জিলাখনত পেলাইছে গভীৰ শোকৰ ছাঁ।