ৰাষ্ট্ৰীয়

হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যঃ BJPয়ে নিলম্বন কৰিলে দলৰ মুখপাত্ৰ নুপুৰ শৰ্মাক…

BJPয়ে নিলম্বন কৰিলে দলৰ মুখপাত্ৰ নুপুৰ শৰ্মাক।

দেওবাৰে বিজেপিয়ে নুপুৰ শৰ্মাক দলৰ পৰা নিলম্বন কৰাৰ লগতে আন এজন নেতা নবীন কুমাৰ জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰে। 

হজৰত মহম্মদৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে দুয়োজনৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

image 65

ইপিনে নবীন জিন্দালকো সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হয়।

image 66

নুপুৰ শৰ্মাৰ মন্তব্যসমূহ দলৰ স্থিতিৰ বিপৰীত বুলি উল্লেখ কৰি বিজেপিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নুপুৰ শৰ্মাক দলৰ পৰা নিলম্বন কৰে। লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰে।

BJPৰ কেন্দ্ৰীয় অনুশাসন কমিটীয়ে এক জাননীযোগে এই কথা প্ৰকাশ কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *