অসম

ছিকিমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু…

ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ ৰাজনৈতিক সচিবৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ।

সচিব জেকব খালিঙৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰা হৈছে এটা গোচৰ।

ছিকিম নাগৰিক সমাজ নামৰ সংগঠনটোৱে শনিবাৰে এই কথা জানিব দিয়ে।

সংগঠনটোৱে জনোৱা অনুসৰি স্থানীয় আৰক্ষীয়ে খালিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ব্যৰ্থ হোৱাত পূব ছিকিম জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত ডাকযোগে এজাহাৰ দাখিল কৰিছিল।

নাগৰিক সমাজে এই ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী কৰি খালিঙক ৰাজনৈতিক সচিব পদৰ পৰা বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্ৰী তামাঙক আহ্বান জনায়।

আনহাতে জেকব খালিঙে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰাৰ লগতে ইয়াৰ আঁৰত বিৰোধী জড়িত হৈ থকা বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *