অসম

সৰ্বস্ব ত্যাগ কৰি হ’লেও অসমীয়া ভাষাটোক জীয়াই ৰাখিব লগিবঃ জ্ঞানপীঠ বিজয়ী নীলমণি ফুকন…

জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি বিশিষ্ট কবিগৰাকীৰ মালিগাঁওস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

উত্তৰ প্ৰদেশৰ পৰা উভতি আহিয়ে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক সাক্ষাৎ কৰিবলৈ তেখেতৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

কবি নীলমণি ফুকনক সাক্ষাৎ কৰি জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নীলমণি ফুকনৰ স্বাস্থ্যৰো বুজ লয়।

নীলমণি ফুকনে মুখ্যমন্ত্ৰীক উপহাৰ দিলে তিনিখন গ্ৰন্থ।

আনহাতে সাংবাদিকৰ আগত কবিগৰাকীয়ে অসমীয়া ভাষাক জীয়াই ৰখাৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি কয় যে, সৰ্বস্ব ত্যাগ কৰি হ’লেও ভাষাটোক যিকোনো প্ৰকাৰে জীয়াই ৰাখিব লাগিব। ভাষাটো নাথাকিলে, মানুহ নাথাকিব, মানুহ নাথাকিলে মাটি নাথাকিব, মাটি নাথাকিলে যোগ্য নাথাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *