গৰু নহয়, এইবাৰ কুকুৰ কঢ়িওৱা বাহন জব্দ আৰক্ষীৰ!

ৰাজ্যত চলিছে কুকুৰৰ ৰমৰমীয়া চোৰাং ব্যৱসায়।

যোৰহাত আৰক্ষীয়ে অভিযান চলাই ২৪টা কুকুৰ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে এজন লোকক।

যোৰহাট আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই জিলাখনৰ উপকণ্ঠৰ পৰা উৎখাত কৰিছে কুকুৰৰ চোৰাং সৰৱৰাহৰ লগত জড়িত এটা কুখ্যাত চক্ৰ।

268003920-4796188470439622-4339170786186575719-n

উত্তৰ পশ্চিম যোৰহাটৰ চৌগুৰিৰ পৰা বুধবাৰে নিশা উপ–আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই নাগালেণ্ডলৈ বিক্ৰীৰ বাবে পঠাবলৈ বান্ধি থোৱা ২৪টা কুকুৰ উদ্ধাৰ কৰে।

268459499-628978271857080-6762895555972155104-n

বিভিন্ন লোকৰ পোহনীয়া কুকুৰ তথা পথত থকা গৰাকীবিহীন কুকুৰবোৰ চুৰি কৰি নি বিক্ৰী কৰা চক্ৰটোৰ দকুৰ দলে নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য , নাগালেণ্ডৰ মন, ডিমাপুৰলৈ চুৰি কুকুৰ সৰৱৰাহৰ ব্যৱসায় চলাই থকা এই চক্ৰটোৱে একোটা কুকুৰ নাগালেণ্ডত বিক্ৰী কৰে ২০০০-২৫০০  টকা দৰত।

চুৰি কৰি নিয়া কুকুৰবোৰ অতি নিৰ্দয়ভাৱে ঠেঙ বান্ধি বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে এটা গঁড়ালৰ পৰা উদ্ধাৰ কৰিছে। কুকুৰবোৰক দুষ্ট চক্ৰটোৱে চেতনানাশক বেজি দিয়াৰ সন্দেহ কৰা হৈছে।

নিশাই আৰক্ষীয়ে স্থানীয় এনজিঅ’ আৰু পশু চিকিৎসকৰ এটা দলৰ দ্বাৰা কুকুৰখিনিৰ স্বাস্থ্য পৰীক্ষা কৰি খাদ্যৰ ব্যৱস্থা কৰে।

কিন্তু ইয়াৰ পিছতে সৃষ্টি হয় সমস্যাৰ। কাৰণ এনে ধৰণে উদ্ধাৰ কৰা জন্তু ৰাখিবৰ বাবে যোৰহাটত নাই কোনো ব্যৱস্থা। অৱশেষত অশেষ কষ্টেৰে থানা চৌহদতে কুকুৰখিনি ৰখাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে

Leave a Comment