সৰবৰাহৰ সময়তে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী উদ্ধাৰ, দুজনক আটক

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ।

আৰক্ষীয়ে এনেও অপৰাধৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে, সিমানেই ন ন পন্থা হাতত লৈ একাংশই চলাই গৈছে বন্যপ্ৰাণীৰ চোৰাং বেহা।

G1 12
সৰবৰাহৰ সময়তে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী উদ্ধাৰ, দুজনক আটক 4

শেহতীয়াকৈ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ অনাৰ সময়ত কাৰ্বি আংলঙৰ ডিলাই তিনিআলিত আৰক্ষীয়ে অভিযান চলাই এখন বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী।

p1 7
সৰবৰাহৰ সময়তে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী উদ্ধাৰ, দুজনক আটক 5

গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে দুজন মণিপুৰী লোককো আটক কৰে।

ধৃত লোক দুজনক হবিবুৰ ৰহমান আৰু জনাব খান বুলি চিনাক্ত কৰা হৈছে।

p2 4
সৰবৰাহৰ সময়তে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী উদ্ধাৰ, দুজনক আটক 6

অৱশ্যে চিম্পাঞ্জী কেইটা ক’ৰ পৰা অনা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসমৰ মাজেৰে সৰবৰাহ কৰা কেংগাৰু পশ্চিম বংগত জব্দ হৈছিল।

Leave a Comment