অসমঅসমীয়া

সৰবৰাহৰ সময়তে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী উদ্ধাৰ, দুজনক আটক

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ।

আৰক্ষীয়ে এনেও অপৰাধৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে, সিমানেই ন ন পন্থা হাতত লৈ একাংশই চলাই গৈছে বন্যপ্ৰাণীৰ চোৰাং বেহা।

G1 12

শেহতীয়াকৈ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ অনাৰ সময়ত কাৰ্বি আংলঙৰ ডিলাই তিনিআলিত আৰক্ষীয়ে অভিযান চলাই এখন বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে ৫টাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী।

p1 7

গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে দুজন মণিপুৰী লোককো আটক কৰে।

ধৃত লোক দুজনক হবিবুৰ ৰহমান আৰু জনাব খান বুলি চিনাক্ত কৰা হৈছে।

p2 4

অৱশ্যে চিম্পাঞ্জী কেইটা ক’ৰ পৰা অনা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসমৰ মাজেৰে সৰবৰাহ কৰা কেংগাৰু পশ্চিম বংগত জব্দ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *