
দৈনিক ৰাশিফলঃ ১৩ এপ্ৰিল, বুধবাৰ
মেষ ৰাশি- অত্যাধিক পৰিশ্ৰমৰ ফলত মানসিক আৰু শাৰিৰীক সমস্যাৰ সৃষ্টি হব পাৰে। খং পৰিহাৰ কৰক আৰু শান্তভাৱে সকলোৰে সৈতে কথা পাতক। দাম্পত্য জীৱন সুখৰ হ’ব। আপোনাৰ কৰ্মই আজি আপোনাক সন্মান প্ৰদান কৰিব। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে আজি অভিজ্ঞজনৰ সৈতে আলোচনা কৰক। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ বিবেচিত হব। আপুনি পৰিকল্পনা কৰি থকা কোনো এটা কাৰ্য বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হব। বাহন আদি ক্ৰয় কৰাৰ যোগ আছে। ব্যৱসায়ত লাভ বৃদ্ধি হব। অৱশ্যে আজি আপুনি লেনদেনৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হোৱা উচিত। পিতৃ-মাতৃ আৰু পত্নীৰ পৰা সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব।
মিথুন ৰাশি- মনত বিশৃৃংখল চিন্তাৰ প্ৰভাৱ থাকিব। আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ভালদৰে সেই বিষয়ে বিবেচনা কৰি চাওক। মানসিক চাপৰ ফলত কামত অন্যমনস্কতা বৃদ্ধি পাব। যাৰ ফলত আজি আপুনি কৰ্মক্ষেত্ৰত কথাও শুনিবলগা হব পাৰে। খং পৰিহাৰ কৰক। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পাৰিলে আজি দূৰ ভ্ৰমণ পৰিহাৰ কৰক।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- দীঘলীয়া ভ্ৰমণৰ সুযোগ লাভ কৰিব, কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ হ’ব। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব পৰে। আপোনাৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ হব। পৰিয়ালৰ এজন সদস্যৰ সৈতে আজি আপোনাৰ মতানৈক্য ঘটিব পাৰে। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ থাকিব। সুস্বাদু খাদ্যৰ প্ৰতি আজি প্ৰৱণতা বৃদ্ধি পাব। ঘৰলৈ এজন বন্ধুৰ আগমণ ঘটিব পাৰে।
সিংহ ৰাশি- আজি আপুনি জীৱন গঢ়াৰ নতুন সুযোগ লাভ কৰিব। কঠোৰ পৰিশ্ৰমে আজি আপোনাক সুফল প্ৰদান কৰিব। আজি আপুনি আনক যিমানে সহায় কৰিব, ভৱিষ্যতে আপুনি দুগুণ সহায় লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। আপুনি এটা ডাঙৰ পাৰিবাৰিক দায়িত্ব পালন কৰিব লগা হ’ব পাৰে।
কন্যা ৰাশি- কামৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পত্নীৰ পৰা ধন লাভ কৰিব পাৰে। ঘৰলৈ মাতৃপক্ষৰ আলহীৰ আগমণ ঘটিব। বৌদ্ধিক কামৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ। সামাজিত স্থানত আপোনাৰ সন্মান বৃদ্ধি পাব। বস্ত্ৰ আদি উপহাৰ হিচাপে লাভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। দীৰ্ঘদিন ধৰি কৰি থকা পৰিকল্পনা এটা আজি সফল হব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- বিনিয়োগ কৰাৰ পূৰ্বে আজি ভালদৰে ভাৱি চিন্তি চাইহে বিনিয়োগ কৰক, অন্যথা আৰ্থিক লোকচানৰ সন্মুখীন হব পাৰে। বন্ধু আৰু পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। ঘৰত কোনো মাংগলিক অনুষ্ঠান সম্পন্ন হ’ব পাৰে। ব্যৱসায়ত লাভৰ যোগ আছে। আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হ’লেও অধিক ব্যয়ে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। অমীমাংসিত আইনী কাম-কাজ আজি সমাধান হব।
বৃশ্চিক ৰাশি- আজি আপোনাৰ উদাৰ মনোভাৱে মানুহক যথেষ্ট প্ৰভাৱিত কৰিব। মানুহে আপোনাৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিব। অৱশ্যে আজি আপুনি সহজতে কাকো বিশ্বাসত নল’ব। কোনো ভাল কোম্পানীৰ পৰা আজি আপুনি চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। ব্যৱসায়ত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। পত্নীৰ সৈতে বিবাদ ঘটিব পাৰে। পিতৃৰ পৰা আৰ্থিকভাৱে সহযোগিতা লাভ কৰিব।
ধনু ৰাশি- আজি আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। ব্যৱসায়ত গ্ৰহণ কৰা নতুন পৰিকল্পনাই আপোনাক আৰ্থিকভাৱে লাভাৱাম্বিত কৰিব। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। পৰিয়ালৰ হৈ আপুনি আজি আপুনি এটা গুৰু দায়িত্ব গ্ৰহণ কৰিবলগা হব পাৰে। ভাতৃৰ পৰা সমৰ্থন লাভ কৰিব। উপাৰ্জনৰ নতুন উৎস বিকশিত হব। বন্ধু এজনৰ ঘৰলৈ ফুৰিবলৈ যাব পাৰে।
মকৰ ৰাশি- আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই কোনো কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাক সাহস দিব। কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত আপুনি অংশগ্ৰহণ কৰিব পাৰে। পদোন্নতিৰ যোগ আছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে আজি অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হব। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ধৰ্মীয় স্থানলৈ পৰিয়ালৰ সৈতে যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কুম্ভ ৰাশি- আত্মীয় অথবা বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে। কাৰ্যালয়ত চলি থকা অমীমাংসিত গোচৰবোৰ আজি নিষ্পত্তি কৰিব পাৰিব। আপোনাৰ কৰ্ম দক্ষতাই সহকৰ্মী আৰু উচ্চ বিষয়াক প্ৰভাৱিত কৰিব। যাৰ বলত আপুনি পদোন্নতি আৰু বদলিৰ দৰে সুযোগ লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওক। ব্যৱসায় সম্প্ৰসাৰণত ভাতৃৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব।
মীন ৰাশি- আধৰুৱা হৈ থকা কাম সম্পূৰ্ণ কৰি তুলিবলৈ কাম কৰাৰ ধৰণ সলনি কৰক। ব্যৱসায় আৰু চাকৰিৰ প্ৰতি কম আগ্ৰহ থাকিব। কাম কম হ’ব আৰু বিভ্ৰান্তি বৃদ্ধি হ’ব পাৰে। পত্নীৰ সৈতে বিবাদ হ’ব পাৰে। কোনোবাই আপোনাৰ দায়িত্বৰ ওপৰতো প্ৰশ্ন কৰিব পাৰে। খং পৰিহাৰ কৰক। আপোনাৰ কথাই আজি আপোনজনৰ মনতো আঘাত হানিব পাৰে। সামাজিক স্থানলৈ যাওতে স্বসংযত হওক।