গুৱাহাটী

GMCHত চাঞ্চল্যকৰ ঘটনা, হাস্পতালৰ পৰা চুৰি হ’ল ৭ মহীয়া শিশু…

নিউজ ডেস্ক। ৰাজ্যৰ স্বাস্থ্য সেৱাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

GMCHৰ পৰা ৰহস্যজনকভাৱে চুৰি হ’ল ৭ মহীয়া শিশু।

শিশুটিৰ নাম প্ৰিয়ম কলিতা।

হাজোৰ নৱ কলিতাৰ পুত্ৰ প্ৰিয়ম কলিতাক চিকিৎসাৰ বাবে অনা হৈছিল GMCHলৈ।

image 29

পুৱা ৪.৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে শিশুটি।

যোৱা ২৪ মাৰ্চত শিশুটিক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত।

শিশু ৱাৰ্ডৰ বিছনাত শুই থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈছে শিশুটি।

পিতৃয়ে জানিব দিয়া অনুসৰি, আজি পুৱা তেওঁৰ লগত শুই থকা অৱস্থাতে এগৰাকী অচিনাক্ত মহিলাই শিশুটিক লৈ যায়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এই অভিযোগ পিতৃগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *