অসম

স্বাস্থ্য বীমাৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ APDCLৰ কৰ্মচাৰী…

স্বাস্থ্য বীমাৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ শক্তি বিভাগৰ কৰ্মচাৰী।

বঙাইগাঁৱৰ অভয়াপুৰীত ভুৱা বিলৰ জৰিয়তে বীমাৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন কৰ্মচাৰী৷

ধৃত কৰ্মচাৰীজন APDCLৰ অভয়াপুৰী বৈদ্যুতিক উপ-সংমণ্ডলৰ লাইনমেন শুভেন্দ্ৰ ৰায়।

 ভুৱা বিলেৰে ৯ লাখ ৪০ হাজাৰ ৮৫৬ টকা আত্মসাতৰ অভিযোগ ৰায়ৰ বিৰুদ্ধে।

একে অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জয়ন্ত পাঠক নামৰ আন কৰ্মচাৰীৰ সন্ধান চলাই আছে যদিও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

জয়ন্ত পাঠকে ৭ লাখ ৯৩ হাজাৰ ১০৯ টকা আত্মসাত কৰাৰ অভিযোগ।

বঙাইগাঁৱ বৈদ্যুতিক সংমণ্ডলৰ সহঃ জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে দাখিল কৰিছিল এজাহাৰ।

উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪৭১/৪৬৮/৪০৯/৩৪ ধাৰাৰ অধীনত অভয়াপুৰী আৰক্ষী থানাত ৭২৭/২১ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *