কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ছৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যু…

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ছৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যু।

কাশ্মীৰৰ শ্ৰীনগৰস্থিত নিজা বাসভৱনত বুধবাৰে ৯২ বছৰ বয়সত মৃত্যু হয় গিলানীৰ।

চৈয়দ আলি শ্বাহ গিলানী কাশ্মীৰৰ তেহৰিক-ই-হুৰিয়টৰ প্ৰতিষ্ঠাপক আছিল।

উল্লেখ্য যে, জম্মু-কাশ্মীৰ বিধানসভালৈ তেওঁ ১৯৭২, ১৯৭৭ আৰু ১৯৮৭ চনত নিৰ্বাচিত হৈছিল।

জ্যেষ্ঠ বিছিন্নতাবাদী নেতা গৰাকীয়ে বিগত বৰ্ষৰ জুন মাহত অল পাৰ্টি হুৰিয়ত কনফাৰেঞ্চৰ পৰা পদত্যাগ কৰিছিল।

দলীয় কৰ্মকৰ্তা সকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি চৈয়দ আলি শ্বাহ গিলানীয়ে পদত্যাগ কৰিছিল।

পাকিস্তানৰ সমৰ্থক বুলি পৰিচিত আছিল কট্টৰ ইছলামিক নেতাজন।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপক উৎসাহিত কৰাকে ধৰি বিভিন্ন অভিযোগত গিলানী বহুবাৰ আৰক্ষীৰ হাতত আটক হোৱাৰ লগতে ২০০৮ চনৰ পৰা দীৰ্ঘ সময়ৰ বাবে গৃহ বন্দী হৈ থাকিবলগীয়া হৈছিল।

তেখেতৰ মৃত্যুত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

গিলানীৰ মৃত্যুৰ পাছত উপত্যকাটোৰ নিৰাপত্তা অধিক শক্তিশালী কৰি তোলা হৈছে।

ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে আন ভালেমান নিষেধাজ্ঞা আৰোপ কৰা হৈছে ঠায়ে ঠায়ে।

আনহাতে কূটাঘাতৰ আশংকাত হুৰিয়তৰ কেইবাজনো নেতাক আটক কৰিছে আৰক্ষীয়ে।

Leave a Comment