অসমীয়াৰাষ্ট্ৰীয়

স্বামীৰ অসুস্থতাৰ পিছত নিজে মূৰ পাতি ল’বলগীয়া হৈছিল পৰিয়ালৰ সমস্ত দায়িত্ব! জানক মহিলা টেক্সিচালক ৰেখাৰ জীৱন সংগ্ৰামৰ কাহিনী…

নিউজ ডেস্কঃ জীৱনৰ আন এটা নামেই হয়তো সংগ্ৰাম। জীয়াই থাকিবলৈ, ভাতমুঠি গোটাবলৈ প্ৰতিদিনেই এখন যুদ্ধত নামিবলগীয়া হয় প্ৰতিজন জীৱিত ব্যক্তি।

কিন্তু সকলোবাৰে বাবে এই সংগ্ৰাম সমান আৰু একে নহয়। কোনোবা কোনোবাই জীৱন নিৰ্বাহৰ বাবে কৰা সংগ্ৰামে মন গলায় আনৰো। কাৰোবাৰ সংগ্ৰাম হয়তো প্ৰেৰণাদায়কো হয়।

তেনে এগৰাকী মহিলাই এতিয়া চৰ্চিত হৈ পৰিছে। নিজৰ লগতে পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈ তেওঁ প্ৰতিদিনে কৰা সংগ্ৰামে কাৰোবাৰ যদি চকু সেমেকাই তুলিছে, আন কোনোবা আকৌ হৈছে অনুপ্ৰাণিত।

image 38

এই মহিলাগৰাকীৰ নাম ৰেখা লোহানী। এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ তেওঁ পত্নী। ঘৰ উত্তৰাখণ্ডত।

উত্তৰাখণ্ডৰ প্ৰথমগৰাকী মহিলা টেক্সি চালক হিচাপে এতিয়া চৰ্চিত হৈ পৰিছে ৰেখা লোহানী। সকলোৱে তেওঁৰ প্ৰশংসা কৰিছে।

আনকি ৰাজ্যখনৰ পৰিবহন মন্ত্ৰী চন্দন ৰামদাসেও ৰেখাৰ ফটো শ্বেয়াৰ কৰি প্ৰশংসাত সৰৱ হৈ পৰিছে।

দৰাচলতে সেনাৰ পৰা স্বেইচ্ছাই অৱসৰ গ্ৰহণ কৰা স্বামী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ পোহপালৰ বাবে টেক্সি চলাবলৈ বাধ্য হৈ পৰিছিল ৰেখা।

image 39

তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু তাৰ পিছতে বিবাহ পাশত আৱদ্ধ হয়।

সুখৰ সংসাৰ চলি থকাৰ সময়তে হঠাৎ শাৰীৰিক অসুস্থতাত ভুগে ৰেখাৰ স্বামী। যাৰ বাবে তেওঁ স্বেচ্ছাই সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া হয়।

ইয়াৰ পিছতে তীব্ৰ আৰ্থিক অভাৱৰ সন্মুখীন হয় ৰেখা লোহানীৰ পৰিয়াল।

ৰুগীয়া স্বামীৰ চিকিৎসাৰ পৰা সন্তানৰ শিক্ষাৰ খৰছলৈকে সকোলোখিনি দায়িত্ব নিজে মূৰ পাতি ল’বলগীয়া হয় ৰেখাই।

প্ৰথমাৱস্থাত কি কৰিম কি নকৰিম ভাৱি থাকি অৱশেষত টেক্সি চলাবলৈকে সিদ্ধান্ত লয় ৰেখাই।

image 40

সেই সময়ত বহুতেই তেওঁক উপহাসো কৰে, বহুতে পৰামৰ্শ দিয়ে- মহিলাই টেক্সি নচলায়।

কিন্তু জীৱন আৰু জীৱিকাৰ বাবে যে আন একো উপায় নাছিল ৰেখাৰ হাতত।

সেয়ে নিজৰ সোণৰ অলংকাৰখিনি বিক্ৰী কৰি তেওঁ এখন টেক্সি ক্ৰয় কৰে আৰু নিজে চলাবলৈ লয়।

এতিয়া সমগ্ৰ উত্তৰাখণ্ডত তেওঁ প্ৰথম মহিলা টেক্সি চালক।

image 41

বিগত দুমাহ ধৰি তেওঁ হালদ্বাণী আৰু ৰাণীখেতৰ মাজত টেক্সি চলাই আহিছে।

টেক্সি চলাই পোৱা টকা কেইটাৰেই তেওঁ যোৱা দুমাহে পৰিয়ালৰ দায়িত্ব পালন কৰি আহিছে।

আজি ৰেখা লোহানী আন বহু যুৱতী-মহিলাৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।