অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! পিতৃয়ে চলাইছিল অটো ৰিক্সা, দিনে ১২ ঘণ্টাকৈ কাম কৰিও মেধা আৰু অধ্যাৱসায়ৰ বলত মাত্ৰ ২১ বছৰ বয়সতে IAS বিষয়া হ’ল আনছাৰ…

নিউজ ডেস্কঃ দেশৰ অন্যতম কঠিন পৰীক্ষা ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰাৰ সপোন দেখে অনেকেই।

কিন্তু মাত্ৰ কেইগৰাকীমান শিক্ষাৰ্থীয়েহে এই পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

বিশেষকৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে প্ৰয়োজন অশেষ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ। সমান্তৰালভাৱে লাগে আৰ্থিক স্বচ্ছলতাও।

কিন্তু এই সকলোবোৰৰ বিপৰীতে মাত্ৰ মেধা আৰু সাধনাৰ বলত একাংশই ইউপিএছচিত সফলতা অৰ্জন কৰে।

image 42

তেনে এগৰাকী আইএএছ বিষয়াই হৈছে আনছাৰ শ্বেখ।

দৰিদ্ৰতাৰ তীব্ৰ প্ৰত্যাহ্বানৰ মাজত হীৰাৰ দৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা আনছাৰ শ্বেখে মাত্ৰ ২১ বছৰ বয়সত প্ৰথম প্ৰচেষ্টাতে ইউপিএছচিত সফলতা অৰ্জন কৰি আজি আইএএছ বিষয়া হিচাপে সেৱা আগবঢ়াইছে।

মূলতঃ মহাৰাষ্ট্ৰৰ জালনা গাঁৱৰ বাসিন্দা আনছাৰৰ পিতৃ আছিল এজন সাধাৰণ অটো ৰিক্সা চালক। পিতৃৰ তিনিগৰাকী পত্নীৰ দ্বিতীয়জনীৰ পুত্ৰ আছিল আনছাৰ।

পৰিয়ালত সদ্যসৰ সংখ্যা বেছি হোৱাৰ বাবে অভাৱ আছিল তেওঁলোকৰ বাবে এক মূল সমস্যা।

image 43

অটো চলাই দেউতাকে উপাৰ্জন কৰা টকা কেইটাৰে পৰিয়ালটো পোহপাল যোৱাটো কোনোমতেহে সম্ভৱ হৈ উঠিছিল।

ঘৰত নাছিল পঢ়াৰ পৰিৱেশো।

কিন্তু এই সকলোবোৰৰ মাজতো আনছাৰ সৰুৰে পৰাই আছিল অতি মেধাৱী আৰু যুঁজাৰু মনৰ।

যেতিয়া আনছাৰে বুজি পালে যে তেওঁৰ দেউতাকৰ উপাৰ্জনেৰে উচ্চ শিক্ষা গ্ৰহণ কৰা সম্ভৱ নহয়, তেতিয়া নিজেই টিউশ্যন কৰিবলৈ আৰম্ভ কৰে আনছাৰে।

image 44

দ্বাদশ শ্ৰেণীত আনছাৰ শ্বেখে ​​৯১% নম্বৰ লাভ কৰে। আনহাতে স্নাতক ডিগ্ৰীত তেওঁ লাভ কৰে ৭৩ শতাংশ নম্বৰ।

তেওঁ পুনেৰ ফাৰ্গুচন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছে।

কলেজত অধ্যয়ন কৰি থকাৰ সময়তে আনছাৰে বহু কেইটা পাৰ্ট টাইম জব কৰিছিল। আৰু তেনেকৈয়ে জমা কৰা টকাৰেই আনছাৰে ইউপিএছচিৰ বাবেও কোচিং লৈছিল এবছৰৰ বাবে।

image 45

কিন্তু কোচিং ক্লাছৰ বাবে অধিক ধনৰ প্ৰয়োজন হোৱাত উপায়ন্তৰ হৈ আনছাৰে কোচিং বাদ দি নিজেই ঘৰতে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে।

তিনি বছৰ তেওঁ দিনে ১২ ঘণ্টাকৈ কাম কৰিও ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল। যাৰ ফল স্বৰূূপে প্ৰথম প্ৰচেষ্টাতে তেওঁ দেশৰ আটাইতকৈ কঠিন পৰীক্ষাটোত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

ইউপিএছচিত ৩৬১ ৰেংক লাভ কৰি মাত্ৰ ২১ বছৰ বয়সতে আইএএছ বিষয়া হিচাপে পৰিগণিত হোৱা আনছাৰ শ্বেখৰ এই সফলতাৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰি আহিছে।