স্থায়ী নিযুক্তিৰ দাবীত বিশেষ আৰক্ষী বিষয়া (SPO) ৰ অৱস্থান ধৰ্মঘট

নিউজ ডেস্ক। মহানগৰীৰ চচলাত বিশেষ আৰক্ষী বিষয়া (SPO)ৰ তীব্ৰ প্ৰতিবাদ।

সদৌ অসম বিশেষ আৰক্ষী বিষয়া আৰু অসম বিশেষ আৰক্ষী কল্যাণ সমিতিৰ যৌথ উদ্যোগত গ্ৰহণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

এছপিঅ’সকলক স্থায়ী নিযুক্তিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।

এএছএফ বেটেলিয়নত খালী হৈ থকা পদ মুকলাই দিয়াৰ লগতে এছপিঅ’সকলৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি বাচনি পৰীক্ষা উনুষ্ঠিত কৰা, উগ্ৰপন্থীৰ গুলীত নিহত হোৱা এছপিঅ’ জোৱানসকলৰ শ্বহীদৰ মৰ্যদা প্ৰদান কৰাৰ দাবী জনাই প্ৰতিবাদস্থলীৰ পৰা।

উল্লেখ্য যে ২০১৮ চনৰ ২৫ অক্টোবৰ তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ দুই শতাংশ পদ বিশেষভাৱে ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজিপৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল বুলিও অভিযোগ কৰে এছপিঅ’ প্ৰতিবাদকাৰীসকলে।

শীঘ্ৰেই তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী এছপিঅ’সকলে।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

Leave a Comment