অসমঅসমীয়া

ট্ৰাকৰ খুন্দাত মৃত্যু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বিদ্যুতৰ

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা য’ত অকালতে প্ৰাণ হেৰুৱাইছে বহু লােকে।

এইবাৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ২১ বছৰীয়া যুৱক বিদ্যুৎ শৰ্মাৰ।

বালিভৰ্তি ট্ৰাকৰ খুন্দাত নিহত হয় যুৱকজন।

জানিব পৰা মতে, চিতলমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনটো।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা।

ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰে চামগুৰি অঞ্চল। উত্তেজিত জনতাই অগ্নিসংযোগ কৰি জ্বলাই দিয়ে বালিভৰ্তি এখন ট্ৰাক।

পথৰ দুৰৱস্থাৰ বাবেই আবদ্ধ হৈ পৰে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী।

ভাঙি চূৰমাৰ কৰে আন দুখন বালিভৰ্তি ট্ৰাক। নিমিষতে বন্ধ হৈ পৰে বুধবৰীয়া সাপ্তাহিক বজাৰ।

উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হয়।

লগতে চাওকঃ

অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’

Leave a Reply

Your email address will not be published. Required fields are marked *