সেনা চাউনীৰ ভিতৰত চাঞ্চল্যকৰ ঘটনা, সতীৰ্থ জোৱানৰ গুলীত নিহত আন এগৰাকী জোৱান…

তিনিচুকীয়াৰ লাইপুলি সেনা চাউনীত চাঞ্চল্যকৰ ঘটনা।

সতীৰ্থ জোৱানক অন্য এগৰাকী জোৱানে নিজৰ ৰাইফলেৰে গুলীয়াই হত্যা কৰাৰ সন্দেহ।

জানিব পৰা মতে, কৰ্তব্যৰত অৱস্থাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে সেনা জোৱান ৰাজেন্দ্ৰ প্ৰসাদে নিজৰ ইনচাছ ৰাইফলৰে গুলীয়াই হত্যা কৰে সতীৰ্থ নায়ক সঞ্জয় চান্দক।

ঘটনা সন্দৰ্ভত ইতিমধ্যে পানীতোলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্ত ৰাজেন্দ্ৰ  প্ৰসাদক আটক কৰিছে।

লগতে এটা ইনচাছ ৰাইফলসহ ২০ জাই খালী কাৰ্টিজ জব্দ কৰিছে আৰক্ষীয়ে।

আনহাতে নিহত সেনা জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

Leave a Comment