নিউজ ডেস্ক। জম্মু আৰু কাশ্মীৰত উগ্ৰপন্থী অভিযান তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় সেনাই।
শেহতীয়াভাৱে সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ অভিযানত লস্কৰ-ই-তৈবাৰ কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদী সংঘৰ্ষত নিহত হৈছে।
ইয়াৰ মাজতে, ৰাজ্যখনৰ চােপোৰেত লস্কৰ-ই-তৈবাৰ তিনিজন সন্ত্রাসবাদী জালত পৰিছে নিৰাপত্তা বাহিনীৰ।

উত্তৰ কাশ্মীৰৰ চােপোৰত অভিযান চলাই এই সন্ত্রাসবাদীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল।
সেনা-আৰক্ষীয়ে সদৰী কৰা মতে, লস্কৰৰ এই সন্ত্রাসবাদীকেইটা কেইবাটাও গ্রেণেড আক্ৰমণ আৰু শ্রমিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনাত জড়িত আছিল।
এই লোককেইজন হায়গ্রাম অঞ্চলৰ বাগিচাত সন্দেহজনকভাৱে চলাফিৰা কৰি থকাৰ সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।
এই সন্ত্রাসবাদীকেইজনৰ জিম্মাৰ পৰা তিনিটা চীনা পিষ্টলৰ লগতে অস্ত্ৰ -সস্ত্র জব্দ কৰা হয়।









