গুৱাহাটী

মহানগৰীত ভয়ংকৰ দুৰ্ঘটনাঃ সৰ্বশিক্ষা মিছনৰ চৌহদত সোমাল তীব্ৰবেগী ডাম্পাৰ…

গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

সৰ্বশিক্ষা মিছনৰ চৌহদত সোমাল তীব্ৰবেগী ডাম্পাৰ।

কাহিলীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

যুটীয়া সঞ্চালকৰ কোঠাত সোমাল দুৰ্ঘটনাগ্রস্ত ডাম্পাৰখন।

কোঠাৰ বেৰ ভাঙি সোমাই গ’ল ডাম্পাৰখন।

এই দুৰ্ঘটনাত আন ৪খন বাহন বেয়াকৈ ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে।

ক্ষতিগ্ৰস্ত হোৱা বাহন ২ খনৰ মাজত আছে এখন ডাষ্টাৰ আৰু এখ ইক’স্পৰ্টছ।

ইয়াৰোপৰি আছে ২খন ছুইফট ডিজাইয়াৰ।

ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবেই সংঘটিত হ’ল এই ঘটনা।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ডাম্পাৰখনৰ চালকগৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *