সেনাৰে সংঘৰ্ষত নিহত আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসম

নিউজ ডেস্ক। সেনাৰ সৈতে হােৱা সংঘৰ্ষত নিহত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ছাৰ্জেন্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত্য মৰাণ।

এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে সংগঠনটােৱে।

G5 3
সেনাৰে সংঘৰ্ষত নিহত আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসম 4

বিবৃতিটােত উল্লেখ কৰা অনুসৰি, যােৱা ৯ আগষ্টত পুৱতি নিশা প্রায় ৩:০০ বজাত এক সংঘৰ্ষত সেনাৰ গুলীত গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হৈ থকা কেডাৰগৰাকী ২৫ আগষ্টৰ পুৱা ৫ঃ২৫ বজাত মৃত্যু ঘটে।

300582207 130420833048567 1038539221180726160 n 1
সেনাৰে সংঘৰ্ষত নিহত আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসম 5

জানিব পৰা মতে, মৃত অচিন্ত্য মৰাণৰ ঘৰ তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত হাঁহখাটি নেপালী গাঁৱত। স্থানীয় নন্দেশ্বৰ মৰাণ আৰু সোণেশ্বৰী মৰাণৰ পুত্ৰ অচিন্ত্য মৰাণ।

301159179 130420863048564 1795306012648132785 n
সেনাৰে সংঘৰ্ষত নিহত আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসম 6

কেডাৰজনৰ মৃত্যু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ সংগঠনে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।