নিউজ ডেস্ক। পুনৰ বিভক্ত হ’ব নেকি অসম?
অসমৰ লগতে পশ্চিম বংগৰ জিলা সামৰি গঠন হ’ব নেকি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য?
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত পৃথক কমতাপুৰ ৰাজ্য গঠন আন্দোলনৰ নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত কোচ ৰজা অনন্তৰায় মহাৰাজে কৰা দাবীক লৈ সৃষ্টি হৈছে তীব্ৰ আলােড়নৰ।

অনন্তৰায় মহাৰাজে সংবাদ মাধ্যমৰ আগত দাবী কৰা অনুসৰি ভাৰত চৰকাৰে ইতিমধ্যে কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
অচিৰেই সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে।

তেওঁ কয় যে বিগত ১৯৯৮ চনৰ পৰা তেওঁলোকে এই দাবীৰে আন্দােলন অব্যাহত ৰাখিছে।
তেওঁ দাবী কৰে অনুসৰি, কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্যত উত্তৰ বংগৰ ৭ জিলা মালদাহ, উত্তৰ দিনাশপুৰ, দক্ষিণ দিনাশপুৰ, দার্জিলিং, জলপাইগুৰি, আলিপুৰ, কোচবিহাৰ আৰু অসমৰ ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা অন্তর্ভুক্ত হ’ব।
অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।









