মহানগৰীত দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাহনৰ, সুৰাপান কৰি চলাইছিল গাড়ী

নিশা মহানগৰীত পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাহনৰ।

বাহন খনৰ চলক জনে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ কৰিছে একাংশ স্থানীয় লোকে।

মহানগৰীৰ বেলতলাত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাত বাহন খন লৈ সুৰামত্ত চলক জনে পলাবলৈ চেষ্টা কৰিছিল।

চলকজনৰ নাম মিঠু আগৰৱালা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্রস্ত বাহন খনৰ নম্বৰ AS01 FA0002 

জানিব পৰা মতে বাহনখনত উদ্ধাৰ হৈছে এটা পিষ্টল।