অসম

সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিল কণ্ঠশিল্পী জুবলী বৰুৱা…

অৱশেষত সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিল কণ্ঠশিল্পী জুবলী বৰুৱা।

বৃহস্পতিবাৰে হাস্পতালৰ পৰা ৰিলিজ লয় কণ্ঠশিল্পী গৰাকীয়ে।

ৰিলিজ লোৱাৰ পিছত ছচিয়েল মিডিয়াত নিজৰ স্বাস্থ্যৰ সম্পৰ্কে সবিশেষ জনাইছে জুবলীয়ে।

উল্লেখ্য যে, কেইবাদিন ধৰি অসুস্থ জুবলী গুৱাহাটী মহানগৰীৰ হেলথ চিটী হাস্পতালত ভৰ্তি হৈ আছিল।

ক’ভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছিল জুবলী।

ছচিয়েল মিডিয়াত জুবলিয়ে লিখিছে- ‘ড০ চন্দনা শৰ্মাৰ প্ৰতি অত্যন্ত কৃতজ্ঞ। ড০ বিকাশ চৌধুৰী, ড০ কল্পনা চৌধুৰী, ড০ অতনু বৰঠাকুৰ, ড০ ব্ৰজেন্দ্ৰ লহকৰ, ড০ ভৱানী চক্ৰৱৰ্তী, ড০ সোনালী বৰ্মন ভূঞা, ড০ স্মিতাক্ষী মেধি, শ্ৰীযুত পৰাগ আৰু হেলথ চিটী চিকিৎসালয়ৰ সকলো নাৰ্চ আৰু মেনেজমেণ্টৰ দলটোৱে মোক সুস্থ কৰি তুলিবলৈ কৰা যত্নৰ প্ৰতি মই কৃতজ্ঞ।

লগতে মোৰ সকলো বন্ধুবৰ্গৰ প্ৰতি কৃতজ্ঞ আৰু আপোনাৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ বাবে শুভকামনা। কালি মোৰ ডিচচাৰ্জ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *