অসম

ধাৰাসাৰ বৰষুণৰ পিছতে কৃত্ৰিম বান, কাগজৰ নাৱৰ দৰে পানীত উপঙিছে বিলাসী গাড়ী…

এজাক মাত্ৰ বৰষুণতে কৃত্ৰিম বানত ডুব গ’ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

কাগজৰ নাৱৰ দৰে পানীত উপঙি ৰ’ল বিলাসী বাহন।

দীৰ্ঘ সময়লৈ স্তব্ধ হৈ পৰিল যান বাহনৰ চলাচল।

991

শুক্ৰবাৰে দিনৰ ভাগত হোৱা এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ।

উল্লেখ্য যে, প্ৰতিবাৰেই বাৰিষাৰ সময়ত এনেদৰে যমৰ যাতনা ভূগিব লগা হৈছে যোৰাবাট বাসীৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰে আহযাহ কৰা লোকে।

ধাৰাসাৰ বৰষুণৰ বাবে, অঞ্চলবোৰত বাস কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

উল্লেখ্য যে, গ্ৰীষ্মকালতো উক্ত ঠাইখিনিত প্ৰচুৰ পানী জমা হয়, কিয়নো এই অঞ্চলটোৰ গাঁথনি এনেকুৱা যে যদি পাহাৰত বৰষুণ হয়, তেন্তে সেই সকলো পানী তললৈ নামি আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *